নামতি ষ্টেছনত অসহায় কিশোৰীৰ হাহাকাৰ, সম্ভ্ৰান্ত অৰিয়নে চলাইছিল নিৰ্যাতন

নামতিঃ ৰেল ষ্টেছনত হাহাকাৰ কৰিছে এগৰাকী কিশোৰীয়ে৷ অসহায়, ভোকাতুৰ কিশোৰীগৰাকীয়ে কোনো আপোন মানুহক বিচাৰি হাহাকাৰ কৰাৰ সময়তে এগৰাকী লোক আগুৱাই আহি সুধিলে তোমাৰ কি হৈছে৷ কিশোৰগাৰকীয়ে বৰ্ণনা দি সমস্ত কথা কোৱাত লোকগৰাকীয়ে এৰি আহিব নোৱাৰিলে কিশোৰীগাৰকীক৷ কিশোৰীগৰাকীৰ নিজ ঘৰলৈ নি খাবলৈ-শুবলৈ দি সুৰক্ষিত কৰিলে নিশাটো৷

এই ঘটনা সংঘটিত হৈছিল সোমবাৰে নিশা শিৱসাগৰ জিলাৰ নামতিত৷ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতিত উদ্ধাৰ হয় অসহায় আনৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকি নিৰ্যাতনৰ বলি হৈ পলাই অহা কিশোৰগাৰকীয়ে৷ অসহায় কিশোৰীক ঘৰলৈ নিয়ে নামতি চাৰিআলি গণক আদৰ্শ গাঁৱৰ মুবিদ আলী নামৰ লোকজনে৷ সোমবাৰে লাকুৱা ৰেল ষ্টেছনত কান্দি থকা অৱস্থাত অসহায় কিশোৰীগৰাকীক উদ্ধাৰ কৰি নিজ ঘৰলৈ লৈ আহিছিল মুবিদে৷

কিশোৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, বৰহাত থানাৰ অন্তর্গত সুন্দৰপুৰ বাগানৰ আৰিয়ন তাঁতী নামৰ লোকজনৰ ঘৰত তেও বনকৰা ছোৱালী হিচাপে আছিল। কিশোৰগৰাকীয়ে নিজৰ নাম প্ৰকাশ কৰি পিতৃৰ নাম গোলাপ তাঁতী বুলি জানিবলৈ দিয়ে। পি কে বি ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীলৈ পঢ়া কিশোৰীগৰাকী সুন্দৰপুৰ বাগানৰ অৰিয়ন তাঁতী নামৰ লোকজনৰ ঘৰত কাম কৰিছিল৷

আৰিয়নে দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে নিৰ্যাতন চলাই অহাত সোমবাৰে তেও পলাই আহে৷ ষ্টেছনত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক মুবিদ আলীয়ে কৃষক শ্রমিক সুৰক্ষা সংগ্রাম সমিতৰ সহযোগত নামতি আৰক্ষী থানাত গতাই দিয়ে মঙলবাৰে। নামতি আৰক্ষীয়ে কিশোৰীগৰাকীক বিয়লি শিৱসাগৰৰ "নৱ উদিত সমাজ" নামৰ স্বেচ্ছাসেৱী সংগঠনটোক চমজাই দিয়ে। সংগঠনটোৱে সম্প্ৰতি শিশু কল্যাণ আৰু শিশু সুৰক্ষা সমিতিৰ সহযোগত কিশোৰীগৰাকীক জয়সাগৰস্থিত "আহানা" নামৰ শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰে৷