
newsnextone.com | নামতঃ ভাৰত চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ নামতি আঞ্চলিক উন্নয়ন সমিতিয়ে দেওবাৰে নামতি ক্লাৱত এখন বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰে।
বৃহত্তৰ নামতি অঞ্চলৰ ৪৬ খন গাঁৱৰ মহিলাই অংশগ্ৰহণ কৰা সমাবেশত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত শিক্ষক, নামতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি চামচুল হুচেইনে। ৰেখামণি গগৈয়ে উদ্দেশ্যে ব্যাখ্যা কৰা সমাবেশত জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষে ভাৰত চৰকাৰে জাতিধ্বংসী, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহে।
১৯৭১ চনৰ পিছত অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধীতা কৰে ৰাইজে। সভাত উপস্থিত থাকি শিক্ষাবিদ চেনিৰাম গোঁহাইয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি সংকট নামি অহাই নহয় সাম্প্ৰদায়িক সংঘাতৰো সৃষ্টি কৰিব বুলি মন্তব্য আগবঢ়ায়।
সভাত উপস্থিত থাকি শিক্ষাবিদ ক্রমে বুধিন ভত্ত ,বাণী গগৈ, হৰেণ চেতিয়া, মল্লিকা বেগম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা উপ-সভাপতি দুলু হাজৰিকা, গৰিয়া-মৰিয়া দেশী পৰিষদৰ উপ-সভাপতি আয়ুব খান, সমাজকৰ্মী নাথু দত্ত, অজিত চন্দ্ৰ চেতিয়া, লক্ষীনাথ গগৈৰ লগতে উপস্থিত থকা সহস্ৰাধিক মহিলাই যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সংকল্প গ্ৰহণ কৰে। ইয়াৰ পাছতেই মহিলাসকলে এক বৃহৎ প্রতিবাদী সমদল উলিয়াই জয় আই অসম, আহ অই আহ ওলাই আহ, খেদ অই খেদ বাংলাদেশী খেদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক বিজেপি চৰকাৰ হুচিয়াৰ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।