নাওবৈচাৰ ধৰ্ষণ কাণ্ড, প্ৰেমিকে ঘৰৰ পৰা আনি বন্ধুৰ হাতত তুলি দিছিল কিশোৰীক, জালত মনোজ, চুচান, মুনিন্দ্ৰ, ৰমনী,

লখিমপুৰঃ ৰাজ্যৰ কোনো ঠাইত সুৰক্ষিত নহয় মহিলা৷ প্ৰতিদিনে ৰাজ্যখনৰ ভিন্ন ঠাইত যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ সময়তে দেওবাৰে নিশা লখিমপুৰৰ নাওবৈচা দোলাহাটৰ শিঙৰা নৈৰ পাৰত সংঘটিত হৈছিল গণ ধৰ্ষণৰ ঘটনা৷ এগৰাকী কিশোৰীক ৫গৰাকী লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

এই ধৰ্ষণ কাণ্ডই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লখিমপুৰৰ নাওবৈচাৰ শিঙৰা নৈৰ মথাউৰিৰ কাষত সংঘটিত কিশোৰীগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে লখিমপুৰ আৰক্ষী সষ্টম হৈ পৰে৷ লখিমপুৰ আৰক্ষীয়ে ১৪ বছৰীয় নৱম শ্ৰেণীৰ ছাত্ৰীৰ গণ ধৰ্ষণৰ অভিযুক্ত মুনিন্দ্ৰ সৰকাৰ (১৯), ৰমনী ঘোষ (২০), চুচান মণ্ডল (২৩) আৰু মনোজ বিশ্বাস (২২) আটক কৰে যদিও আন এজনক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷ 

কিশোৰীগৰাকীক প্ৰেমিকে বলপূৰ্বকভাৱে আবেলি ফুৰিবলৈ উলিয়াই আনিছিল ঘৰৰ পৰা৷ পিছত প্ৰেমিকজন চাৰিজন বন্ধুৰে সৈতে মিলি ধৰ্ষণ কৰে। তাৰ পিছতেই সংজ্ঞাহীন কিশোৰীগৰাকীক পথৰ দাতিত পেলাই থৈ পলায়ন কৰে। বহু পলমকৈ উদ্ধাৰ হোৱা কিশোৰীগৰাকীক নাওবৈচাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়৷