
গোৰেশ্বৰঃ দৰিদ্ৰ পৰিয়ালৰ সন্তান ধ্ৰুৱ৷ ধ্ৰুৱই সৰুৰে পৰা অতি কষ্টৰে ডাঙৰ-দীঘল হৈছে। নানা ঘাট-প্ৰতিঘাট জীৱনত ওচৰৰ পৰা দেখিছে৷ এমুঠি অন্নৰ বাবে পিতৃ-মাতৃয়ে সংগ্ৰাম কৰা দেখিছে ধ্ৰুৱই৷ ধ্ৰুৱই ভাবিছিল এদিন পঢ়ি-শুনি ডাঙৰ মানুহ হম৷ কিন্তু দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক উদ্ধাৰৰ বাবে তেও পঢ়িব খুজিও পঢ়িব নোৱাৰিলে৷ জনা হোৱাৰ পৰাই অত ত’ত কাম কৰি পৰিয়াল চলোৱাত পিতৃক সহায় কৰিব লগা হয়৷ পঢ়াৰ সময় খিনি পাৰ কৰিলে কাম বন কৰি৷
তাৰ মাজতে ধ্ৰুৱই শিকি গৈছিল চাইকেল মেৰামতিৰ কাম৷ কম বয়সতে ধ্ৰুৱই চাইকেলৰ মেকানিক হৈ পৰিছিল৷ এটি সাধাৰণ কোঠাত আৰম্ভ কৰে এখন চাইকেল মেৰামতিৰ দোকান৷ তাৰ পিছৰে পৰা ধ্ৰৱই আনৰ ঘৰত হাজিৰা কৰিব লগা হোৱা নাছিল৷ ধ্ৰৱই বিবাহপাশত আৱদ্ধ হ’ল৷ সংসাৰলৈ আহিল এটি কন্যা সন্তান৷ তেও ভাল পইচা উপাৰ্জন কৰি সুখে-শান্তিৰে পৰিয়ালটো চলাই আহিছে৷
কিন্তু তাৰ মাজতে যেন ধ্ৰুৱৰ পৰিয়ালটোত কাৰোবাৰ নজৰ হে লাগিল৷ ধ্ৰুৱ এতিয়া বিছনাৰ সংগী৷ যোৱা ৮ মাহে ধ্ৰৱই পাৰ কৰিছে বিছনাত৷ কেৱল ধ্ৰৱই নহয় কন্যাৰো দুয়ো খন ভৰি ভাঙি দুখৰ দিন পাৰ কৰিব লগা হৈছে পৰিয়লটোৱে৷ বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ নাওকাটাৰ বেটাগাঁৱৰ ত্ৰিশ বছৰীয়া ভূৱনেশ্বৰ ডেকা ওৰফে ধ্ৰুৱৰ সৰু পৰিয়ালটোলৈ যোৱা ২০ মে'ত নামি আহিছিল ঘোৰ অমানিশা৷ এটি পথ দুৰ্ঘটনাই সকলো থান-বান কৰি পেলাইছিল পৰিয়ালটোৰ।
পেশাত চাইকেল মেকানিকৰ কাম কৰি পৰিয়াল পোহপাল দিয়া ধ্ৰুৱই সিদিনা কামৰূপ জিলাৰ বংশৰৰ শহুৰৰ ঘৰৰ পৰা পত্নী কবিতা ডেকা আৰু চাৰি বছৰীয়া কন্যা টিনাক দুচকীয়া বাহনত লৈ ক'লাজল-গোৰেশ্বৰ পথেৰে গোৰেশ্বৰ ৰ নাওকাটাৰ ঘৰলৈ আহি আছিল। ক'লাজলৰ ওচৰৰ জালিমুৰা নামৰ ঠাইত এচএছ-০১-এ-এক্স-৩২১৮ নম্বৰৰ এখন আই টেনে অভাৰটেক কৰিবলৈ গৈ পিছপিনৰ পৰা খুন্দা মাৰে ধ্ৰুৱৰ বাইকত। ফলত পত্নী, কন্যা সহিতে আটাইকেজন লোক গুৰুতৰ ভাবে আহত হয়৷
অচেতন অৱস্থাত আটাইকেইজনকে স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰে৷ পিছত ধ্ৰুৱ সহিতে পৰিয়লটোৱে সংজ্ঞা লাভ কৰি পৰৱৰ্ত্তী সময়ত জিএমচিএইচৰ বিচনাত বহু দিন কটাবলগীয়া হয়। পথ দুৰ্ঘটনাত ধ্ৰুৱৰ সোঁভৰি খনৰ হাড় তিনি টুকুৰা হৈ হয়। পত্নী কবিতাৰ কঁকালৰ সমগ্ৰ গাঁঠি সুলকি পৰাৰ লগতে ৰাজহাড় ফাটি তেজ জমা হয়। লগতে কণমাণি টিনাৰ দুয়োখন ভৰি ভঙাৰ লগতে জীৱনৰ বাবে সোঁহাতখন হেৰুৱাই। ইয়াৰ পিছতে জীৱনৰ ৰং নোহোৱা হৈছিল পৰিয়ালটোৰ৷
কেৱল ইজনে সিজনৰ মুখলৈ চাই দিন কৰিছে৷ যোৱা ৮ মাহে ধ্ৰুৱই ঘৰতে থাকিব লগা হৈছে৷ যাৰ ফলত এসাজ খাই এসাজৰ বাবে চিন্তা কৰিব লগা হৈছে পৰিয়লটোৱে৷ চিকিৎসালয়ৰ বিচনাত চাৰিমাহ চিকিৎসাধীন হৈ খেতি-মাটি, তামোলৰ বাগান সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰে দৰিদ্ৰ পৰিয়ালটোৱে। ধ্ৰুৱৰ চাইকেল মেৰামতি কৰা দোকানখনো বন্ধ হৈ পৰে।
ধ্ৰুৱৰ বৃদ্ধা মাকে পৰিয়ালটোক ৰন্ধা বঢ়া কৰি চোৱা চিতা কৰিছে যদিও একপ্ৰকাৰ পংগু হৈ পৰা তিনিটা প্ৰাণীক ভৰণ-পোষন দিয়াটো কঠিন হৈ পৰে। ইয়াৰ পিছত পাটনালৈ গৈও চিকিৎসা গ্ৰহণ কৰি আহে যদিও এতিয়াও কাম কৰিব পৰাকৈ সম্পূর্ণৰূপে সুস্থ হৈ উঠা নাই ধ্ৰুৱই। ইপিনে পুনৰ পৰীক্ষাৰ বাবে পাটনালৈ যোৱাৰ সময় সমাগত। পত্নী কবিতা কিছু সুস্থ হৈছে যদিও এতিয়াও দাংকোলাকৈ ল'ব নোৱাৰে টিনাক। ইপিনে জটিলতা নামি আহিল টিনাৰ চিকিৎসাত।
টিনাৰ অস্ত্ৰোপচাৰৰ পিছত সোঁভৰি খন সামন্য চুটি হৈ পৰে। আনহাতে সোঁহাতখনৰ হাড় জোৰা লাগে যদিও চিকিৎসকৰ মতে এডাল সীৰা চিগি থকাৰ ফলত টিনাৰ সোঁহাত বিকল হৈ পৰে। তাই এতিয়া হাতখন লৰ-চৰ কৰিব নোৱাৰে। চিকিৎসকে তাইক দিল্লীৰ এপোল' হস্পিতাললৈ নি উন্নত চিকিৎসা কৰাবলৈ পৰামর্শ দিয়ে। জটিল অস্ত্ৰোপচাৰৰ পিছত হাতখন ভাল হোৱাৰ আশা আছে যদিও প্ৰায় দুই লাখ টকাৰ প্ৰয়াজন হ'ব এই চিকিৎসাত।
এনে পৰিস্থিতিত হতাশাত ভাগি পৰাৰ লগতে দুশ্চিন্তাই আগচি ধৰিছে পৰিয়ালটোক। তাই মাক-দেউতাকক কিয় সোঁহাতেৰে ভাত খাব নোৱাৰে বুলি প্ৰশ্ন কৰিলে নিশ্চুপ হৈ যায় দুৰ্ভগীয়া পিতৃ-মাতৃ। যিখন গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰিছিল তেওঁলোকে টিনাৰ চিকিৎসাৰ বাবে মাথো দহ হাজাৰ টকা দিয়ে দায় সাৰে। আনহাতে বীমাৰ ধনো আজিলৈ এটকাও লাভ কৰা নাই।
নিজৰ আশা বাদ দিছে যদিও টিনাক সুস্থ কৰিবলৈ এতিয়া সহায় বিচাৰিছে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু স্থানীয় জনপ্ৰতিনিধি তথা ৰাইজৰ। এতিয়ালৈ প্ৰায় তিনিলাখ টকা খৰচ কৰি পৰিয়লটোৰ সকলো শেষ কৰি ধ্ৰুৱৰ এতিয়া ভেটিটোৰ বাদে একোৱে সম্পদ নহোৱা হৈ পৰিছে। কিন্তু ৰাইজৰ সহায়-সহযোগ লাভ কৰিলে টিনাৰ হাতখন সুস্থ কৰাৰ আশা পুহি ৰাখিছে ধ্ৰুৱই।
পিতৃ ধ্ৰুৱক এতিয়া লাগে আপোনাৰ সহায়৷ কোনো লোকৰ অকন সহায়ে পুনৰ হেৰুৱা হাঁহিটো টিনাৰ মুখত উভতি আহিব। ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গোৰেশ্বৰ শাখাত থকা একাউন্ট নম্বৰ ৩১৭২১৩৭৩৩০৪ত আৰ্থিক সাহাৰ্য্য দিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। আপুনি ৮৪৭৪০-৩৮৩২২ আৰু ৮৩৯৯০-০৭৭১৯ মোবাইল ফোন নম্বৰত যোগাযোগ কৰিও পৰিয়ালটোক সহায় কৰিব পাৰিব৷