
নাৰায়ণপুৰঃ দুৰ্নীতি আৰু অসমৰ গাঁও পঞ্চায়ত যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ ৰাজ্যৰ বহু পঞ্চায়তত সময়ে সময়ে ৰাইজে ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতে লখিমপুৰ জিলাৰ ধলপুৰ গাঁও পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা আৱন্টিত ১৪ লক্ষাধিক টকা পঞ্চায়তৰ সভানেত্ৰীয়ে আত্মাসাৎ কৰিব খোজা বুলি অভিযোগ উত্থাপিত হৈছে৷ ধলপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীতামণি শইকীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷
এই অভিযোগ উত্থাপন কৰিছে অগপ দলৰ ধলপুৰ আঞ্চলিক সমিতি আৰু পঞ্চায়তৰ একাংশ সদস্য তথা ৰাইজে৷ পঞ্চায়ত এলেকা সমূহৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা “আমাৰ গাঁও আমাৰ আঁচনি” নামেৰে প্ৰতিটো ৱাৰ্ডতে একোখন সমিতি গঠন কৰা হৈছিল৷ এই সমিতিখন ৱাৰ্ড সদস্য-সদস্যাক সভাপতি হিচাবে লৈ গঠন কৰে প্ৰশাসনে৷
সংশ্লিষ্ট ৱাৰ্ডৰ ৰূপায়ণ কৰিব লগা আঁচনিৰ কাম আৰম্ভ কৰাৰ পূৰ্বে পঞ্চায়ত সভাপতিৰ উপস্থিতিত আমাৰ গাঁও আমাৰ আঁচনি সমিতিৰ বৈঠকত আঁচনি খনৰ প্ৰয়োজনীয়তা, সংশ্লিষ্ট এলেকাত ৰূপায়ণ কৰিব লগীয়া অত্যাৱশ্যকীয় বিকল্প আঁচনিৰ প্ৰয়োজনীয়তা আছে নেকি ইত্যাদি বিষয়ত এখন সভা অনুষ্ঠিত হোৱাটো প্ৰয়োজনীয়৷ কিন্তু শেহতীয়াকৈ অনুমোদিত চতুৰ্দশ বিত্তীয় আয়োগৰ ১৪ লাখ টকা আৱণ্টন হোৱা সন্দৰ্ভত ৱাৰ্ড সমিতি নতুবা ৱাৰ্ড সদস্যৰ লগতে কোনো লোকে অৱগত নহয় বুলি অভিযোগ উত্থাপন কৰে অগপ দলৰ ধলপুৰ আঞ্চলিক সমিতি আৰু পঞ্চায়তৰ একাংশ সদস্যই৷
তদুপৰি এনে আঁচনি অনুমোদন হ’লে পঞ্চায়ত কাৰ্যালয়ত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি ৱাৰ্ড সদস্য সকলক আঁচনি অনুমোদন হোৱা সন্দৰ্ভত অৱগত কৰাটো বাঞ্চনীয়৷ কিন্তু ধলপুৰ গাঁও পঞ্চায়ত সভানেত্ৰীয়ে এনে নীতি-নিয়মক ধোঁৱাচাঙত তুলি আঁচনিৰ ধন লুণ্ঠনৰ কৰাৰ মানসেৰে ভেলাইমৰাত তিনি লাখ টকা ব্যয় সাপেক্ষ এটা ৰংঘৰৰ কাম, আন কেইটামান ৱাৰ্ডত একোটাকৈ প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি বাকী থকা টকা আত্মসাৎ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷
একাধিক ৱাৰ্ডত কোনো কাম আৱন্টন নকৰা বুলিও অভিযোগ উত্থাপন হৈছে৷ সভানেত্ৰী, সভানেত্ৰীৰ স্বামী আৰু জিলা পৰ্যায়ৰ এজন অগপ কৰ্মীৰ বাদে পঞ্চায়ত সদস্য, দলীয় কৰ্মীক আঁচনি সন্দৰ্ভত আঁৰত ৰখাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঢলপুৰ অগপৰ আঞ্চলিক সমিতি খনে চতুৰ্দশ আয়োগৰ আবন্টিত ধনৰ খৰছ সন্দৰ্ভত তদন্ত কৰাৰ লগতে সম্পূৰ্ণ টকা ৰাজহুৱা স্বাৰ্থত খৰছ কৰিবৰ বাবে দাবী জনায়।