কাগজ নোচোৱাকৈ হিন্দী-ইংৰাজীত ৰাহুল গান্ধীয়ে ১৫ মিনিট ভাষণ দি দেখুওৱাক

dnaindia.com
dnaindia.com

ডিজিটেল ডেস্কঃ ২০১৯ অহাৰ লগে লগে দেশৰ ৰাজনৈতিক দলৰ মাজত বাকযুদ্ধ তুংগত উঠিছে৷ কিয়নো ২০১৯ চনত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন৷ দুদিন পূৰ্বে চীন ভ্ৰমণ সামৰি দেশলৈ উভতি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে৷

প্ৰধানমন্ত্ৰী মোডীয়ে কি বিষয়ক লৈ চীন ভ্ৰমণলৈ গৈছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে৷ তাৰ ৩ দিন পূৰ্বে ৰাহুলে তেওঁক সংসদত মাথো ১৫ মিনিট সময় ভাষণ দিব দিয়াৰ সুবিধা দিবলৈ কৈছিল৷ দুৰ্নীতিৰ লগতে কেইবাটাও বিষয়ত ভাষণ প্ৰদান কৰিলে মোডীয়ে ধৈৰ্য ধৰি থাকিব নোৱাৰিব বুলি কয়৷ 

এইবাৰ ৰাহুল গান্ধীক উভতি ধৰিলে নৰেন্দ্ৰ মোডীয়ে৷ নৰেন্দ্ৰ মোডীয়ে প্ৰত্যাহ্বান জনাই কয় যে ৰাহুল গান্ধীয়ে হিন্দী নতুবা ইংৰাজীত মাত্ৰ ১৫ মিনিট সময় কাগজ নোচোৱাকৈ ভাষণ দি দেখুওৱাক৷ মঙলবাৰে কৰ্ণাটকত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ ভাষণ প্ৰদান কৰাৰ মুহূৰ্তত মোডীয়ে কয় ‘‘ৰাহুল গান্ধীয়ে হিন্দী নতুবা ইংৰাজী, তেওঁৰ মাতৃৰ মাতৃভাষা, যিটো পছন্দ কৰে সেইটোৰে তেওঁৰ পাৰ্টিৰ কৃতিত্ব সন্দৰ্ভত ১৫ মিনিট সময় ভাষণ আগবঢ়াওক৷’’