
কোকৰাঝাৰঃ ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী নাথ-যোগী জনগোষ্ঠী আজিও ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশত পিছ পৰি ৰৈছে। নাথ-যোগী জনগোষ্ঠীয়ে তেওঁলোকৰ দাবী পূৰণৰ বাবে প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।
এইবাৰ বিশেষকৈ জনগোষ্ঠীটোৱে জনজাতিকৰণৰ দাবীক লৈ ব্যাপক গণ কাৰ্যসূচী ৰূপায়ন কৰা সন্দৰ্ভত সিদ্ধান্ত লবলৈ অহা এক এপ্ৰিলত গোৱালপাৰা জিলা নাথ-যোগী ছাত্র সন্থাৰ জিলা কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হ’ব।
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে গোৱালপাৰা জিলা নাথ-যোগী ছাত্র সন্থাৰ জিলা কাৰ্যালয়ত অহা ১ এপ্ৰিল অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া সভাত নাথ যোগী ছাত্ৰ সন্থাৰ সমুহ বিষয়-ববীয়া আৰু উপদেষ্টা মণ্ডলীৰ উপস্থিতি জৰুৰীভাৱে কামনা কৰিছে।