সোপাধৰাৰ সন্দেহত দুই যুৱকক হত্যা, সকলো দোষীকে শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী নাথ যোগীৰ

newsnextone.com | কোকৰাঝাৰঃ কাৰ্বি আলং জিলাৰ ডমকা নামৰ ঠাইত অভিজিত নাথ আৰু নীলোৎপল দাস নামৰ দুজন যুৱকক সোপাধৰা বুলি প্ৰচাৰিত উৰাবাতৰিৰ ভিত্তিত  অঞ্চলটোৰ এদল উন্মাদ স্থানীয় লোকে সভ্যতা আৰু মানৱতাৰ সকলো সীমা চেৰাই গৈ মৰিয়াই মৰিয়াই নৃশংস ভাৱে হত্যা কৰা কাণ্ডক সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু সদৌ বিটিএডি নাথ যোগী সন্মিলনীয়ে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে।

সংবাদমাধ্যমৰ আগত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ আৰু বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে কয় যে কেৱল সন্দেহ আৰু উৰাবাতৰিৰ ভিত্তিতে একাংশ উন্মাদ জনতাই দেশৰ সাংবিধান-আইন-আদালতক উপেক্ষা কৰি আদিম যুগৰ বৰ্বৰতাৰে বিনা প্ৰমাণ আৰু বিচাৰে দুজনকৈ ব্যক্তিক নৃশংসতাৰে হত্যা কৰা ঘটনাই ৰাজ্যত আইনৰ শাসন যে প্ৰহসনত পৰিণত হৈছে সেই কথা স্পষ্ট ৰূপত প্ৰমাণিত হৈছে। 

ইঞ্জিনিয়াৰিঙৰ স্নাতক অভিজিৎ নাথৰ দৰে সম্ভাৱনাময় যুৱক এজনৰ লগতে নীলোৎপল দাসৰ হত্যাকাৰীক অনতি বিলম্বে কৰায়ত্ব কৰি আইনৰ কাঠগড়াত থিয় কৰাই কঠোৰৰ পৰা কঠোৰতম শাস্তিৰে দণ্ডিত কৰিবলৈ দাবী জনাই সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু বিটিএডি নাথ যোগী সন্মিলনীয়ে প্ৰশাসনৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই এনে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হবলৈ পালে বুলি মন্তব্য কৰি সংগঠন দুটাৰ নেতাদ্বয়ে সামাজিক মাধ্যম ফেচবুক যোগে একাংশ লোকে সামাজিক বিষবাষ্প বিয়পোৱা কাৰ্যকো ধিক্কাৰ দিয়ে।