
ওৰাং/গৰৈমাৰিঃ গণ ৰাজ্য দিৱস পাৰ হ'ল যদিও বিদ্যালয়ত উৰি থাকিল পতাকা। ৰাজ্যৰ দুখন জিলাৰ বিদ্যালয় চৌহদত নিশাও উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীত আৰু ওদালগুৰিত ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকৰ বিৰুদ্ধে৷
দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষা খণ্ডৰ গৰৈমাৰীৰ খলিহামাৰী প্ৰাথমিক বিদ্যালয়ত নিশা ৩ বজালৈ বিদ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰি থকা দেখা গৈছিল৷ যাৰ ফলত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰ্ বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে। আনহাতে ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ত ওৰে নিশা ৰাষ্ট্ৰীয় পতাকা উৰিল থকা দেখা গৈছিল।
গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছত বিদ্যালয় এৰা প্ৰধান শিক্ষকে পুৱা ৯ বজালৈকে বিদ্যালয়ত উপস্থিত নোহোৱাত বিদ্যালয়খনৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা ৯ বজালৈ উৰি আছিল। পুৱাই বিদ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ ৰাইজ ক্ষোভিত হৈ পৰে৷