
ধুবুৰী/ওৰাংঃ শিশু হৈছে দেশৰ অমূল্য সম্পদ। ল’ৰাই হওঁক বা ছোৱালীয়ে হওঁক সকলো শিশুৱে শৈশৱতে পাব লাগে এটি সুন্দৰ, আৰু সুৰক্ষিত জন্মগত অধিকাৰ।কিন্তু বহুসময়ত কন্যা শিশুৰ প্ৰতি অৱহেলিত কাৰ্যকলাপ পৰিলক্ষিত হয় দেশৰ বিভিন্ন ৰাজ্যত ৷ কন্যা শিশুৰ প্ৰতি মানুহৰ মাজত থকা বিভিন্ন ধৰণৰ লিংগ বৈষম্যমূলক নেতিবাচক চিন্তাধাৰা দূৰ কৰাই কন্যা শিশু সুৰক্ষা দিৱস পালনৰ অন্যতম প্ৰধান উদ্দেশ্য।
NNO ধুবুৰীঃ দেশৰ অন্যান্য প্ৰান্তৰ লগতে আজি ধুবুৰী আৰু ওৰাঙত ৰাষ্ট্ৰীয় কন্যা শিশু সুৰক্ষা দিৱস পালন কৰা হয় । ধুবুৰীত সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত উক্ত দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা ৷ তেওঁ কন্যা সন্তানক কেৱল বিয়াৰ বাবে তথা পুৰুষৰ ভোগৰ সামগ্ৰী হিচাপে গঢ়ি তোলাৰ মানসিকতা পৰিহাৰ কৰি তেওঁলোকক দক্ষ আৰু সফল ব্যক্তি ৰূপত গঢ় দিয়াৰ প্ৰয়াস চলাবলৈ আহ্বান জনায়।

উল্লেখ্য যে,জামাদাৰ হাটৰ শিশু বিকাশ প্ৰকল্প বিষয়া ৰক্তিমা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অধিবক্তা ছাবিনা বেগম, মহকুমা চিকিত্সা বিষয়া, ডাঃ মুকৃতি দাস পুৰকায়স্থ, জিলা শিশু কল্যাণ সমিতিৰ সদস্যদ্বয় ছহিৰুল ইছলাম আৰু আৰ এন ভট্ৰাচাৰ্যীয়েও ভাষণ প্ৰদান কৰে । সভাত জিলা শিশু সুৰক্ষা গোটৰ বিষয়াদ্বয় নুৰ আলম আৰু ছাবানা হাছমীৰ উপৰি অঙ্গনবাদী কৰ্মী সহায়িকা আৰু যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে।
NNO ওৰাংঃ কন্যা শিশুৰ প্ৰতি থকা বৈষম্য দূৰ কৰিবলৈ ২০০৯ চনৰ পৰা বিভিন্ন পৰ্য্যায়ত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আজিৰ দিনটোত উদযাপন কৰা হয়। ওদালগুৰি জিলাৰ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত আজি জিলা ভিত্তিত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।
পুৱা ৯'৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতাৰে আৰম্ভ কৰাৰ পাছত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক বৰ্ণাঢ্য শোভাযাত্ৰা মুকলি কৰে মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাসে। শোভাযাত্ৰাৰ অন্তত ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গনেশ শইকীয়াৰ পৌৰহিত্যত এখন গাম্ভীৰ্যপূৰ্ণ মুকলি সভা অনুষ্ঠিত কৰা হয় ।

মুকলি সভাত কন্যা শিশু সুৰক্ষা তথা লিংগ বৈষম্যৰ সন্দৰ্ভত বিভিন্ন গণ্য মান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰাৰ লগতে সভাত নিৰ্দিষ্ট বক্তা হিচাপে জয়ন্ত ব্ৰহ্ম, CWCৰ সভাপতি বীনা দেবী, CDPO দিপ্তী গগৈ, বিষয় শিক্ষক হৰিলাল শৰ্মা উপস্থিত থাকে । তাৰোপৰি বেচৰকাৰী সংস্থা SARDৰ উদ্যোগত কন্যা শিশু সুৰক্ষা দিৱসৰ লগত সংগতি ৰাখি এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়।