মৰণফাণ্ডত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ

দেৰগাঁওঃ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিছপুৰৰ মছনদ দখল কৰা বিজেপি চৰকাৰে পূৰণ কৰিব পৰা নাই ৰাজ্যখনৰ কোনো এটা মৌলিক সমস্যা৷ যাৰ ফলত পৰিৱৰ্তনকামী চৰকাৰ শাসনৰ গাদীত থকাৰ পাছতো সুচল নহ’ল ৰাজ্যৰ বাটপথসমূহ৷ উৰাজাহাজৰে সাত সাগৰ তেৰ নদী পৰিভ্ৰমী ফুৰা দিছপুৰীয়া নেতাই নেদেখে ৰাজ্যখনৰ পুখুৰীসদৃশ ঘাইপথৰ দুৰৱস্থা৷ 

উজনি-নামনি সংযোগী ৩৭ নং ৰাজপথ লাহে লাহে মৰণফাণ্ডত পৰিণত হ’বলৈ ধৰিছে৷ যাৰ বাবে জীয়াতু ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ৷ ৰাষ্টা-ঘাটত পুখুৰীসদৃশ গাঁত সৃষ্টি হোৱাৰ ফলত বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ বৰ্তমান ৰাজপথৰ যি কদৰ্যময় অৱস্থা, তাক সংবাদ মাধ্যমৰ জৰিয়তে বৰমূৰীয়াসকলৰ দৃষ্টিগোচৰ হোৱাকৈ প্ৰচাৰ কৰি অহা হৈছিল যদিও কোনো কাণসাৰ নাই ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগৰ৷

ৰাজ্যৰ উজনি-নামনি যাতায়ত ব্যৱস্থাক সংযোগ কৰা গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়কে ধৰি তিনিচুকীয়া পৰ্যন্ত ৰাষ্ট্ৰীয় পথচোৱা বিধ্বস্ত হৈ যাতায়তৰ বাবে অনুপযোগী হৈ পৰাত বুধবাৰে অসম চাহ জনজাতি ছাত্র সন্থাই এক পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে৷ জানিব পৰা মতে, বিগত প্ৰায় ছমাহ ধৰি কাকডোঙাৰ পৰা দাধৰা পৰ্যন্ত ১১ কিঃ মিঃ পথ দেৰগাঁৱৰ মাজেৰে ফৰলেণ্ড সম্প্রসাৰণ নোহোৱাৰ অজুহাতত ৩৭নং ৰাষ্ট্রীয় ঘাইপথটো মেৰামতি নকৰাত পথটো ক্ৰমান্বয়ে জৰাজীৰ্ণ হৈ পৰে৷ 

গ্ৰাম্যাঞ্চলৰ বাট পথৰ লগতে সদা ব্যস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কদৰ্যময় হৈ পৰাত সৰ্বসাধাৰণ ৰাইজে দীৰ্ঘদিন ধৰি জীয়াতু ভুগিব লগা হোৱাত আটছাৰ লগতে সচেতন ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সদৌ অসম আটছাৰ গোলাঘাট জিলা, দেৰগাঁও শাখা আৰু নেঘেৰিটিং উপ শাখাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত নেঘেৰিটিং চাৰিআলিত ৩৭ নং ৰাষ্ট্রীয় ঘাই পথ বন্ধৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ 

উল্লেখ্য যে, দেৰগাওঁ চহৰৰ লগতে ইয়াৰ কাষৰীয়া নেঘেৰিটিং, বালিজান, শিতলপথাৰ, চকলানী, ম'হবন্ধা, ৰঙামাটি, বাদুলিপাৰা, বনগাওঁ আদি এলেকা সমূহত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অতি শোচনীয় হৈ পৰাত যাতায়তৰ অনুপযোগী হৈ পৰিছিল৷ পথসমূহত সৃষ্টি হোৱা পুখুৰী সদৃশ দ গাঁতে বিভিন্ন সময়ত পথ দুৰ্ঘটনা বৃদ্ধি কৰাৰ সমান্তৰালকৈ চলাচল কৰা গাড়ীসমূহো বিধ্বস্ত কৰি আহিছে৷ সেয়ে আটছাৰ কেন্দ্রীয় সদস্য প্ৰফুল্ল কুৰ্মী, জিলা সম্পাদক উমাশংকৰ কুৰ্মী, দেৰগাঁও শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজু মিৰ্ধা, সম্পাদক অমৃত ৰবিদাস, শিক্ষা সম্পাদক দয়া ৰবিদাসকে ধৰি শতাধিক প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰে৷ 

বৰ্তমান বিশেষকৈ নেঘেৰিটিং চাৰিআলি ৰঙামাটি আৰু বালিজান চেকগেটৰ পথৰ মাজত প্ৰকাণ্ড দ গাঁত হৈ পৰাত নিতৌ গাড়ী বেয়া হোৱাৰ লগতে পথটো দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷  আটছাই পথ মেৰামতি কণৰ লগতে অসম চাহ নিগমৰ অন্তৰ্গত চাহ বাগিচাৰ শ্ৰমিকক সুবিধা দিয়া, শ্ৰমিকক ভূমি পট্টা দিয়া, গোলাঘাটৰ বগিধলা চাহ বাগিচা মুকলি কৰা, দৈয়াং বাগিচাত স্বাস্থ্যসেৱাৰ মান উন্নত কৰা, নাহৰডোঙা আদৰ্শ চিকিৎসালয় শীঘ্ৰে মুকলি কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাৰীত গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক পত্র প্ৰেৰণ কৰে৷ 

পথ অৱৰোধৰ ফলত পথৰ দুয়োপাৰে ব্যাপক যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নৱেম্বৰ মাহৰ ১৫ তাৰিখৰ ভিতৰত ৰাষ্ট্রীয় ঘাইপথ মেৰামতি কৰা আৰু কৃষিমন্ত্রী অতুল বৰায়ো দেৰগাঁৱলৈ আহি ৫ কোটি টকাৰে পথ মেৰামতি কথা কৈছিল যদিও সেয়া আজিকোপতি হৈ নুঠিল৷ গতিকে ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা চৰকাৰখনক শীঘ্ৰে পথসমূহৰ মেৰামতিৰ কৰিবলৈ আটছাই দাবী কৰিছে৷ আগন্তুক দিনত বিভাগীয় কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব৷