প্ৰকৃতিপ্ৰেমিয়ে আঘাতপ্ৰাপ্ত হাড়গিলাক কৰিলে চিকিৎসা

নলবাৰীঃ প্ৰতিদিনে বন ধ্বংস, বনৰীয়া হাতীৰ মৃত্যু, গড় হত্যাৰ খবৰ প্ৰচাৰ হৈ থকাৰ মাজতে দুগৰাকী প্ৰকৃতিপ্ৰেমীয়ে আঘাতপ্ৰাপ্ত হাড়গিলাক প্ৰাণ বচাই নলবাৰীৰ দুগৰাকী লোকে৷ প্ৰকৃতিক ভাল পোৱা মানুহ আজিও বহু আছে তাৰে প্ৰমাণ কৰে এই ঘটনাই৷ 

নলবাৰীৰ বালিতাৰা গাঁৱত ওখ গছ পৰা পৰি আঘাতপ্ৰাপ্ত হোৱা এটি হাড়গিলা পক্ষীৰ পোৱালিক বিগত চাৰিদিন ধৰি শুশ্ৰুষা কৰি প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে গাঁওখনৰ পবিত্ৰ কলিতা নামৰ লোকজনে। জনা মতে, কলিতাৰ নিজ বস্তিৰ এডাল গছত থকা হাড়গিলাৰ বাহৰ পৰা হঠাতে এটি লুপ্ত প্ৰায় হাড়গিলা পোৱালি সৰি পৰে। আঘাটপ্ৰাপ্ত পক্ষীটোক তেওঁ সেৱা-শুশ্ৰূষা কৰে।

পিচত প্ৰকৃতিপ্ৰেমী পবিত্ৰ কলিতা আৰু অৰুপ ডেকাই ছাত্ৰ নেতা হিমান বৰ্মনক অৱগত কৰায়। এনেদৰে হাড়গিলা পোৱালিটো কিছু সুস্থ হোৱাত বুধবাৰে ছাত্ৰ নেতা তথা প্ৰকৃতিপ্ৰেমী হিমান বৰ্মন, ছাত্ৰ নেতা ৰুবুল বৰ্মন, নিলকমল বৰ্মনৰ নেতৃত্বত এটা ছাত্ৰ কৰ্মীৰ দলে হাড়গিলা পোৱালিটোক উদ্ধাৰ কৰি পশু চিকিৎসকৰ দ্বাৰাই চিকিৎসা কৰায় আৰু পিছত হাড়গিলা পোৱালিটোক নলবাৰী বন বিভাগক গটাই দিয়ে।