ছিৰিঞ্জেৰে দেহত বৰবিহ সোমোৱাই নিচাত মাতাল হয় নাজিৰাৰ বহু যুৱক

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গুৱাহাটীঃ উজনি অসমত মদ, জুৱা, ধপাতৰ প্ৰচলন অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে শিৱসাগৰ জিলাত দিনক দিনে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷ কেন্দ্ৰীয়, ৰাজ্য চৰকাৰে ধপাত, ড্ৰাগছ, ধোৱা বিহীন ধপাতৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাই ৰাইজক সচেতন কৰাৰ চেষ্টা চলাই গৈছে তেনে সময়তে উজনি অসমৰ শিৱসাগৰ চহৰৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ব্যাপক প্ৰচলনে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ 

বৰবিহ স্বৰূৰ ড্ৰাগছে কোঙা কৰি পেলাইছে জিলা খনৰ অলেখ যুৱকক৷ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ তাৰ মাজতে শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। জীৱন ধ্বংস কৰা এই বৃহৎ চক্ৰটোৰ সৈতে জড়িত আছে বহু প্ৰভাৱশালী লোক৷ আনহাতে নাজিৰাৰ যিখিনি ঠাইত ড্ৰাগছৰ কিনা-বেচা তথা সেৱন কৰাৰ ঘাটি আছে উক্ত ঠাইত আছে শাসকীয় বিজেপি দলৰ কাৰ্যালয়৷ নাজিৰাস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে এনেদৰে ড্ৰাগছৰ বেহা চলি কাৰ্যই সকলোৰে চকু কপালত উঠিছে একাংশ লোকে।

উক্ত ঠাইত ড্ৰাগছ বিক্ৰী কৰাৰ লগতে সেৱন কৰাৰ সুবিধা প্ৰদান কৰি আহিছে প্ৰভাৱশালী চক্ৰটোৱে। বহু যুৱকক ড্ৰাগছ বিক্ৰী কৰে বুলি জানিব পৰা গৈছে। শিৱসাগৰ, নাজিৰাত ড্ৰাগছৰ ব্যৱসায় চলি থকাৰ পিছতো প্ৰশাসনে অৱগত নোহোৱাত ৰাইজ চিন্তিত হৈ পৰিছে। একাংশ স্কুল আৰু কলেজীয়া ছাত্ৰই ড্ৰাগছ সেৱনত জড়িত হৈ পৰা বুলি জানিব পৰা গৈছে৷

উক্ত ঘাটিত তথা জুপুৰিত একাংশ যুৱকে ছিৰিঞ্জেৰে ড্ৰাগছ লৈ থকা ভিডিঅ’ newsnextone.comৰ হাতত পৰে৷ ৰাজ্যত যি সময়ত ড্ৰাগছৰ বিৰুদ্ধে সচেতনতা বৃদ্ধিৰ বাবে চৰকাৰে কাম কৰি গৈছে ঠিক তেনে সময়তে এই চক্ৰটোৱে ব্যৱসায় অব্যাহত ৰাখিছে৷ আনহাতে ৰাইজৰ অভিযোগৰ ভিত্তিত এগৰাকী সাংবাদিকে উক্ত ঠাই ভ্ৰমণ কৰিছিল কিছুদিন পূৰ্বে৷ সাংবাদিকগৰাকীয়ে উক্ত ঠাই ভ্ৰমণ কৰাৰ কথা অৱগত হৈ সাংবাদিকগৰাকীক একাংশ লোকে ভাবুকি প্ৰদান কৰে বুলিও জানিব পৰা গৈছে৷