নাজিৰা বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

শিমলুগুৰিঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত সোমবাৰে কেবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সভা সভা অনুষ্ঠিত হয়৷ মহকুমাধিপতি ডাঃ সদনেক সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত ১০৪নং নাজিৰা বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।

এক মাহৰ ভিতৰত খচৰা ভোটাৰ তালিকা খন সংশোধন কৰি বিভাগীয় কৰ্তৃপক্ষক পুনৰ চূড়ান্ত প্ৰকাশৰ বাবে জমা দিব মহকুমা প্ৰশাসনে।মহকুমাধিপতিয়ে খচৰা ভোটাৰ তালিকাত কোনো বিসংগতি থাকিলে সংশোধন তথ্য সংযোজন কৰাৰ ব্যৱস্থা থকা বুলি কৈ তাৰোপৰি "ই আৰ অ নেট" ব্যৱস্থাৰ জৰিয়তে অনলাইন যোগে সংশোধনী কৰিব পাৰিব বুলি কয়।

চুড়ান্ত ভোটাৰ তালিকা ২০১৮ চনৰ অহা ১ জানুৱাৰীত প্ৰকাশ হ’ব। সভাত মহকুমাধিপতিৰ উপৰিও সহকাৰী আয়ুক্ত অদিতি বৰ্মন, জনসংযোগ বিষয়া জয়ন্ত মাউত, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি বলিন কলিতা, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যোগেন চেতিয়া আৰু সুবোধ শৰ্মা, কংগ্ৰেছৰ অপূৰ্ব বৰুৱা আৰু প্ৰদীপ লামা উপস্থিত থাকে।