
newsnextone.com | নামতিঃ ১৫টা বছৰে শাসনৰ গাদীত থকা কালত সমষ্টিৰ ৰাইজৰ খবৰ লবলৈ আহৰি পোৱা নাছিল উজনিৰ শিৱসাগৰ জিলাৰ নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থাকি ভাল পোৱা বিধায়কগৰাকীয়ে সমষ্টিলৈ আহিলে চহৰতে বেছিকৈ ঘুৰা-ফুৰা কৰে৷ ডাঙৰ মানুহক সাক্ষাৎ কৰে আৰু গুৱাহাটীলৈ গুছি যায়৷ গাঁৱলৈ যাবলৈ আহৰি নাপায় বিধায়কগৰাকীয়ে৷ এই মন্তব্য আছিল নাজিৰা বিধান সভা সমষ্টিৰ একাংশ লোকৰ৷
২০১১ চনৰ পৰা সমষ্টি দখল কৰি থকা দেৱব্ৰত শইকীয়াই সমষ্টিৰ ৰাইজৰ একো কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷ নিজ দলৰ চৰকাৰ থকাৰ সময়তো সমষ্টিৰ উন্নয়নৰ পৰিৱৰ্তে একাংশ দালাল শ্ৰেণীৰ লোকৰ সৈতেহে সম্পৰ্ক ৰক্ষা কৰি চলিছিল বুলি কয় একাংশ লোকে৷ গাঁৱৰ কৃষক, দৰিদ্ৰ শ্ৰমিকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰে৷ কিয়নো তেওঁৰ সোঁৱে-বাৱে ডাঙৰ মানুহ ভৰি থাকে৷ সাধাৰণ মানুহ আৰু সাধাৰণ মানুহৰ সমস্যাক গুৰুত্ব নিদিয়া এগৰাকী লোক৷ নাজিৰা সমষ্টিৰ এটা এলেকাৰ ৰাইজৰ এয়া আছিল মনৰ কথা৷
দেওবাৰে newsnextone.comৰ জ্যেষ্ঠ সাংবাদিকক বিধায়ক তথা বৰ্তমানৰ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সমষ্টিৰ চেপাঙনী উন্নয়ণ খণ্ডৰ বৰফুকন গাঁও পঞ্চায়তৰ অৰ্ন্তগত দেওঘৰীয়া গাঁৱৰ ৰাইজে মাতি নিছিল। ৰাইজে সাংবাদিকগৰাকীক কেইবাটাও বাট-পথৰ দুৰৱস্থাৰ কথা অৱগত কৰে৷ ইমানে নহয় সাংবাদিকগৰাকীক কেইবাটাও পথৰ অৱস্থা দেখুৱাবলৈ লগত লৈ যায়৷
সেই সময়ত newsnextone.comৰ সাংবাদিকগৰাকীয়ে প্ৰত্যক্ষ কৰা মতে বহু পথক পথ বুলিবই নোৱাৰি৷ পথাৰৰ সৈতে একাকাৰ হৈ পৰিছে পথ সমূহ৷ বহু পথত গাড়ী, মটৰটো দুৰৰ কথা খোজকাঢ়ি যাবৰ বাবে পৰিবেশ নাই৷ বছৰ বছৰ ধৰি পথ সমূহত এচপৰা মাটি পৰা নাই৷ বিশুদ্ধ খোৱাপানী, কৃষি, স্বাস্থ্য আদিৰো একেই পৰিবেশ৷ নিৰ্বাচনৰ সময়তহে দেৱব্ৰত শইকীয়াই গাঁও সমূহলৈ আহে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷
সমষ্টিৰ ভিতৰৰ গাঁৱলৈ কোনটো পথেৰে যাব লাগে সেই কথা নাজানে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰে৷ ৰাইজে সমষ্টিৰ ৰাইজৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে বুলি কৈ গাঁৱে গাঁৱে থকা এজেণ্ট সদৃশ লোকক হে গুৰুত্ব প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে একাংশ লোকে৷ গ্ৰাম্য অঞ্চলৰ বাট-পথৰ জৰাজীর্ণ অৱস্থাই সমষ্টিৰ ৰাইজক যমৰ যাতনা দিয়া বুলি কয়। তাৰ এক নগ্ন স্বৰূপ উদঙাই চেপাঙনী উন্নয়ণ খণ্ডৰ বৰফুকন গাঁও পঞ্চায়তৰ অৰ্ন্তগত নামতিৰ দেওঘৰীয়া অঞ্চলৰ ৰাইজে।
অঞ্চলৰটোৰ একমাত্ৰ পথ ঐতিহাসিক খৰিকটিয়া আলি-দেওঘৰীয়া দুৱাৰা পথৰ জৰাজীৰ্ণ অৱস্থাই সমষ্টিটোৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে৷ অঞ্চলটোৰ প্ৰায় ২০ খন গাঁৱৰ ৰাইজে যাতায়াত কৰা পথটোৰে নিতৌ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী, কৃষক, সৰু-বৰ যান-বাহন, ৰোগী সহ সাধাৰণ লোকে আহযাহ কৰিব লগা হয়৷ পথটোত পুখুৰী সদৃশ গাঁত, বোকাৰ বাবে বৰষুণ দিলে হাতত ছেণ্ডেল লৈ অহা-যোৱা কৰিব লগা হয়৷
বিধায়ক আৰু বৰফুকন গাঁও পঞ্চায়তৰ সভাপতি বলোৰাম বৰুৱাৰ চকুত নপৰে পথটো। পথটো পকীকৰণ কৰিবৰ বাবে গাঁৱৰ ৰাইজে স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়াক বাৰম্বাৰ আবেদন কৰাত মেৰামতি আশ্বাস দিয়ে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হয়।
অৱশেষত ৰাইজে গাঁঠিৰ ধন ভাঙি দেওবৰীয়া চানৰাইজ ক্লাৱ আৰু জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত পথটো মেৰামতি কৰে৷ স্থানীয় ৰাইজ হাতে হাতে কোৰ লৈ পথটো মেৰামতি কৰাৰ লগতে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। অঞ্চলটোৰ লোকৰসকলে বিহু হুচৰি গাই লাভ কৰা টকাৰে শিল আৰু ইটাৰ টুকুৰা কিনি আনি হাতে হাতে কোৰলৈ পথটো মেৰামতি কৰে।
পথটোৰ মৰণফাণ্ড সদৃশ বৃহৎ বৃহৎ গাতসমূহ মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি তোলে। আনহাতে, ক্ষোভিত ৰাইজে বিধায়ক দেৱব্ৰত শইকীয়া মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অঞ্চলটোৰ ৰাইজে শীঘ্ৰে পথটো নির্মাণৰ কাম আৰম্ভ কৰাৰ দাবী জনায়। অন্যথাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোট বিচাৰি অহা সর্বদলীয় প্ৰতিনিধিক পহু খেদা দিয়াৰ লগতে নিৰ্বাচনৰ বৰ্জনৰ হুংকাৰ প্ৰদান কৰে।