ডিব্ৰুগড়ৰ এনচিচিৰ দল ত্ৰিপুৰা সীমান্তত আৱদ্ধ

লাহোৱালঃ শুকুৰবাৰে অসমৰ পৰা ত্ৰিপুৰালৈ ৰাওনা হোৱা এটি এনচিচ দল ত্ৰিপুৰাত আৱদ্ধ হোৱাৰ খবৰ পোৱা গৈছে৷ জানিব পৰা মতে, NCCৰ ডিব্ৰুগড়ৰ জিলাৰ বিষয়া সঞ্জয় দত্তৰ নেতৃত্বত ৰাওনা হোৱা দলটো ত্ৰিপুৰাৰ সীমান্তত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

আগৰতলাত ২৮ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈকে হ'বলগা বিএলচি কেম্পত অংশ গ্ৰহণ কৰাৰ বাবে গৈছিল দলটো৷ ডিব্ৰুগড় NCCৰ দল বুলি জানিব পৰা গৈছে৷ ৩০জনীয়া দলটো ত্ৰিপুৰা সীমান্তত পুৱা ৭ বজাৰ পৰা ৰৈ থাকিব লগা হয়৷ ত্ৰিপুৰাৰ ধৰ্মনগৰ জিলা এটি সংগঠনে বন্ধৰ আহ্বান জনোৱাত NCCৰ দলটোৱে বোন্দা পৰ দি ৰৈ থাকিব লগা হয়৷