কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ অভিযান, অস্ত্ৰ সহ জালত পৰিল NDFB কেডাৰ

newsnextone.com | বোকাজানঃ দুই যুৱকৰ হত্যাকাণ্ডই সমগ্ৰ কাৰ্বি আংলং জিলাক জোকাৰি যোৱাৰ সময়তে বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৰ লাহৰিজানত আৰক্ষী আৰু সেনাবাহিনীয়ে যুটীয়া অভিযান চলাই শুকুৰবাৰে নিশা পিষ্টলসহ এজন এনডিএফবি কেডাৰৰ লগতে এজন লিংকমেনক আটক কৰিবলৈ সক্ষম হয়। 

অসম-নগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ লাহৰিজানৰ শিৱম ৰাইচ হোটেলত খটখটি আৰক্ষী আৰু সেনাই এক যুটীয়া অভিযান চলাই দীপক স্বৰ্গয়াৰী (৩০) নামৰ এজন এনডিএফবি কেডাৰ আৰু সুমিত ঘোষ (২৮) নামৰ এজন লিংকমেনক আটক কৰিবলৈ সক্ষম হয়৷ দীপক স্বৰ্গীয়াৰী কাৰ্বি আংলং জিলাৰ ডিলাইৰ হিতেশ্বৰ তুলচীয়াৰী বড়ো গাঁৱৰ নিবাসী প্ৰয়াত নবল স্বৰ্গীয়াৰীৰ পুত্ৰ আৰু সুমিত ঘোষ হোজাই জিলাৰ লনকান বৰ্মণ গাঁৱৰ নিবাসী প্ৰয়াত কিটানত চন্দ্ৰ ঘোষৰ পুত্ৰ৷

দুয়োজনৰ পৰা ৰাছিয়াত নিৰ্মিত ১টা পইণ্ট ২২ পিষ্টল, ৭ ৰাউণ্ড সজীৱ গুলী আৰু ডিফুৰ নিবাসী ৰঞ্জিত ঠাকুৰৰ নামত এনডিএফবিৰ (এচ) ধনদাবী পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে দীপক স্বৰ্গীয়াৰীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখাৰ সময়তে ডিলাইস্থিত ঘৰত আৰু অধিক তথ্যৰ বাবে অভিযান চলাই৷ বৰলাংফেেৰৰ বাসিন্দা প্ৰদীপ ৰাভাই ধনদাবী পত্ৰ সমূহ তেওঁঁক যোগান ধৰিছিল বুলিও নিজ স্বীকাৰ কৰে৷ 

ডিলাই আৰক্ষী আৰু সেনাৰ এটি দলে ডিলাইস্থিত কেডাৰজনৰ বাসগৃহত অভিযান চলাই ২০ লাখ টকা ধনদাবীৰে নাম লিপিবদ্ধ নথকা এনডিএফবি (এচ) এখন ধনদাবী পত্ৰৰ লগতে তিনিখন উকা এনডিএফবিৰ (এচ) ধনদাবী পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আনহাতে বৰলাংফেৰ আৰক্ষী আৰু সেনাৰ আন এটি দলে প্ৰদীপ ৰাভাৰ বৰলাংফেৰস্থিত বাসগৃহটো ঘেৰাও কৰি অভিযান চলাই যদিও বাসগৃহত কোনো ব্যক্তি নথকাত দলটোৱে কোনো লোকক আটক কৰিবলৈ সক্ষম নহল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ 

উল্লেখ্য যে, নিশা আৰক্ষী আৰু সেনাই অভিযান চলাই আটকাধীন দীপক স্বৰ্গীয়াৰী আৰু সুমিত ঘোষৰ বিৰুদ্ধে খটখটি আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷