
কোকৰাঝাৰঃ এনডিএফবি (স)ৰ পশ্চিম জনৰ প্লেটুন কমাণ্ডাৰ তথা স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ সোহেটন নাৰ্জাৰী ওৰফে সানদৌও নামৰ দুধৰ্ষ কেডাৰজন বুধবাৰে আৰক্ষীৰ সতে মুখামুখি হোৱা এক সংঘৰ্ষত নিহত হয়।
কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ শৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত ডোমবাজাৰ নামৰ ঠাইত কোকৰাঝাৰ আৰক্ষীৰ সতে হোৱা এক সংঘৰ্ষত এনডিএফবিৰ দুধৰ্ষ কেডাৰ সানদৌও নিহত হোৱা ঘটনা এনডিএফবিৰ বাবে এক মোক্ষম আঘাত বুলি বিবেচিত হৈছে।
কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে ডোমবাজাৰ এলেকাত আজি নিশা প্ৰায় ৮.৪৫ বজাত আৰক্ষীৰে হোৱা সংঘৰ্ষত এনডিএফবি (স) স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ সোহেটন নাৰ্জাৰী ওৰফে সানদৌও নিহত হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা একে ৫৬, গ্ৰেণেড, বহসংখ্যক গুলী আৰু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিছে।