
কোকৰাঝাৰঃ বিডিএডিৰ সদৰ কোকৰাঝাৰ জিলাৰ শৰাইবিলৰ দলগাঁৱত বৃহস্পতিবাৰে পুৱতি নিশা এগৰাকী আত্মসমৰ্পনকাৰী এনডিএফবি সদস্যক গুলীয়াই হত্যাৰ চেষ্টা কৰাই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ দুৰ্বত্তৰ গুলীত গুৰুতৰভাৱে আহত হয় ৰস্না বসুমতাৰী (৩৫)৷
গুলীবিদ্ধ ৰস্না বসুমতাৰী আত্মসমৰ্পনকাৰী এনডিএফবি সদস্য আছিল বুলি জানিব পৰা গৈছে৷ গুৰুতৰভাৱে আহত ৰস্নাক উন্নীত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ লৱাৰ আছাম নাৰ্ছিংহোম ভৰ্তি কৰে পৰিয়ালে৷ সন্দেহযুক্ত এনডিএফবি(স)ৰ গুলীচালনা কৰাৰ সন্দেহ কৰা হৈছে৷ ঘটনাস্থলীলৈ ৰাওনা উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকে৷ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে।