
কোকৰাঝাৰঃ চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও ৰিফেনাৰী এণ্ড পেট্ৰোকেমিকেলচ লিমিটেড চমুকৈ বিআৰপিএলৰ একাংশ বিষয়া-কৰ্মচাৰীক গ্ৰেটাৰ ঢালিগাঁও য়ুথ এচোছিয়েচন আৰু কেইজনমান ঠিকাদাৰে ধনদাবী, ভাবুকি দিয়া বুলি ঢালিগাঁও আৰক্ষী থানাত এক গোচৰ কৰে।
৪৬/২০১৮ নম্বৰত ৰজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেটাৰ ঢালিগাঁও য়ুথ এচোছিয়েচনৰ সভাপতি, সম্পাদককে ধৰি এগৰাকী যুদ্ধবিৰত এনডিএফবিৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছত এনডিএফবিৰ (প্ৰ)ৰ ন্যায়িক সচিব বি সুদেমে এনডিএফবি(প্ৰ) কোনোপধ্যে হত্যা, অপহৰণ, ধনদাবী আদি ঘটনাৰ সতে জড়িত নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে এনডিএফবি(প্ৰ)ৰ ন্যায়িক সচিব বি সুদেমে ঘটনাক তীব্ৰ প্ৰতিক্ৰিয়া আৰু গৰিহণা দি কয় যে শান্তি আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰে যুদ্ধবিৰতিত থকা এনডিএফবি(প্ৰ) কোনোপধ্যে হত্যা, অপহৰণ, ধনদাবী আদি ঘটনাৰ সতে জড়িত নহয়।
তদুপৰি এনডিএফবি(প্ৰ)ৰ সতে কোনো গ্ৰেটাৰ এচোচিয়েচনৰ সম্পৰ্ক নাই। ভাৰতীয় তেল নিগমৰ অধীনত তেওঁলোক নিৰ্মান কাৰ্যৰ সতে জড়িত যদিও কাৰোবাক ভাবুকি দিয়া, ধনদাবী কৰা ইত্যাদি ঘটনাৰ সতে কোনো ধৰণে জড়িত নহয় বৰং এয়া এক অপবাদ বুলি মন্তব্য প্ৰকাশ কৰি কোনোধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ মনেসজা অভিযোগ কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি কয় এনডিএফবিৰ (প্ৰ)ৰ ন্যায়িক সচিব বি সুদেমে।