NDTVৰ প্ৰণয় ৰয়ৰ বাসগৃহত চিবিআইৰ তালাচী

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাৰ ভাগত চিবিআইয়ে NDTVৰ প্ৰতিষ্ঠাপক তথা প্ৰম’টাৰ প্ৰণয় ৰয় আৰু তেঁওৰ পত্নী ৰাধিকাৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায়। 

২০০৮ চনত আইচিআইচিআইৰ পৰা লোৱা এটা ঋণৰ ক্ষেত্ৰত অনিয়মৰ গোচৰ সন্দৰ্ভতে এই অনুসন্ধান চিবিআইৰ। NDTVৰ হিন্দী আৰু ইংৰাজী চেনেলৰ প্ৰম’টাৰ আৰআৰপিআৰ হল্ডিং প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ত চিবিআইয়ে তালাচী চলায়। 

ইয়াৰ উপৰিও দিল্লী আৰু দেহৰাডুনৰ চাৰিটাকৈ স্থানত চিবিআইয়ে তালাচী চলোৱা বুলি সূত্ৰত প্ৰকাশ পাইছে। অৱশ্যে NDTVৰ কাৰ্যালয়ত তালাচী চলোৱা হোৱা নাই বুলি জানিব পৰা গৈছে।

প্ৰম’টিং কোম্পানীটোৱে ৩৬৬ কোটিৰ ঋণ লৈ তাৰে ৫০ কোটি ঘুৰাই নিদিয়াৰ অভিযোগতে যোৱা সপ্তাহত কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।