
তুলসীবাৰীঃ পিতৃৰ কোলাত-বন্ধ কোঠাত দিন অতিবাহিত কৰিছে ১৯ বছৰীয়া পুত্ৰই৷ কেতিয়াবা যদি পিতৃৰ কোলাত আকৌ কেতিয়াবা বন্ধ কোঠাত যন্ত্ৰণাৰ দিন পাৰ কৰিছে ১৯ বছৰীয়া পুত্ৰই৷ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে দৰিদ্ৰ, খাটিখোৱা লোকৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ সময়তে ৰঙিয়াৰ এটি দৰিদ্ৰ পৰিয়ালৰ ১৯ বছৰীয়া সন্তানে বন্ধ কোঠালীত অৰ্থৰ অভাৱত চিকিত্সাৰ কৰিব নোৱাৰি পিতৃ-মাতৃয়ে হাহাকাৰ কৰিব লগা হৈছে।
বিশেষভাবে সক্ষম সন্তানটো আৰ্থিক দৈন্যতাৰ বাবে উপযুক্ত চিকিৎসা কৰিব নোৱাৰি জীৱ-জন্তুৰ দৰে এটি বন্ধ কোঠালিত আৱদ্ধ হৈ থাকিব লগা হৈছে ১৯ বছৰীয়া সন্তানটোৱে। ৰঙিয়াৰ তিনিআলিৰ প্ৰসন্ন ডেকাৰ প্ৰথম পুত্ৰ হিৰকজ্যোতি ডেকা জন্মৰ দুবছৰ পিছতে অসুস্থ হৈ পৰে আৰু ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ দীৰ্ঘ সময় পাৰ কৰিছে৷
উপযুক্ত চিকিৎসাৰ অভাৱত যুৱকজনে কথা কোৱা আৰু খোজ কাঢ়িবলৈ অপাৰগ হোৱাৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হৈ আহিছে। দৰিদ্ৰ পিতৃ-মাতৃয়ে প্ৰথম অৱস্থাত নিজৰ সামৰ্থ অনুযায়ী চিকিৎসা প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাত প্ৰায় দুবছৰ বয়সৰ পৰাই সন্তানটোক পৰিয়ালটোৱে এটি কোঠাত আবদ্ধ কৰি ৰাখিবলৈ বাধ্য হয়৷
সমনীয়াই ৰং ধেমালিৰে কলেজত পঢ়াৰ সময়ত সন্তানটোৱে কৰুণভাৱে বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হৈছে। অসহায় কিশোৰজনক উপযুক্ত চিকিৎসাৰে সক্ষম কৰি তোলাৰ বাবে আশাৰে ৰাজ্যবাসীক সহায়ৰ বাবে আহ্বান জনাই দৰিদ্ৰ পৰিয়ালটোৱে। এনে এক প্ৰেক্ষাপটত কোনো ব্যক্তি অথবা দল সংগঠনে আগবঢ়োৱা সহায়ৰ হাতে নিশ্চিতভাবে কিশোৰ জন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি আশা ব্যক্ত কৰিছে পিতৃ-পিতৃয়ে।