গুৱাহাটীলৈ কিয় আহিব খোজে ১০ বছৰীয়া হৰিপ্ৰসাদ মাঝী?

দেৰগাঁওঃ তেও সৰুৰে পৰা ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিল৷ পিতৃয়ে কপালৰ ঘাম মাটিত পেলাই দিন হাজিৰা কৰি থকা সৰুৰে পৰা তেওঁ দেখি আহিছে৷ যাৰ বাবে তেওঁ এদিৰ ডাঙৰ মানুহ হ’ব পাৰে৷ পিতৃ-মাতৃৰ সুখত ৰাখিব বিছাৰে৷ পিতৃ-মাতৃয়েও পঢ়া-শুনাই তেওক ডাঙৰ মানুহ কৰাৰ সপোনো দেখিছিল৷ পুত্ৰক পঢ়াবৰ বাবে এসাজ কমকৈ খালেও আপত্তি কৰা নাছিল পিতৃ-মাতৃয়ে৷ সকলোৰে আদৰৰো তেওঁ৷ পৰিয়ালৰ ওচৰ চুবুৰীয়াৰ সকলোৰে আদৰৰ তেওঁ৷

সকলোৰে সৈতে হাঁহি ধেমালি কৰি সময় অতিবাহিত কৰি ভাল পায়৷ সমনীয়া, বিদ্যালয়ৰ শিক্ষকসকলৰো বাবে আপোন তেও৷ কিয়নো তেও সৰুৰে পৰা বহু কথা বুজি পাই৷ দৰিদ্ৰ পৰিয়ালৰ সন্তান যদিও পিতৃ-মাতৃৰ সপোনক সফল কৰিব খোজে৷ কিছুদিন আগলৈ তেওঁ সমনীয়াৰ সৈতে খেলা-ধূলা কৰি সময় পাৰ কৰিছিল৷ কিন্তু তেও এতিয়া বিছনাত পৰি সময় অতিবাহিত কৰিছে৷

নাম তেওৰ হৰিপ্ৰসাদ মাঝি৷ বয়স দহ বছৰ৷ গোলাঘাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ কাকডোঙাৰ দক্ষিণ-পূৱ কাকডোঙা গাঁও পঞ্চায়তৰ মহিমা চাহ বাগিচাৰ ৪নং লাইনৰ টিমপু মাঝি আৰু ৰূপা মাঝিৰ একমাত্ৰ সন্তান তেওঁ৷ মহিমা চাহ বাগিচাৰ ৪নং লাইন প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ হৰিপ্ৰসাদ মাঝি৷ ছাত্ৰ হৰিপ্ৰসাদৰ ডিঙিত দুটা সৰু গুটি প্ৰত্যক্ষ কৰে দৰিদ্ৰ পিতৃয়ে৷ স্থানীয় চিকিৎসকৰ ওচৰলৈ নিয়ে তেওঁক৷

সাধাৰণ চিকিৎসা কৰা পাছত আৰোগ্য নোহোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰি বিভিন্ন পৰীক্ষা কৰাৰ অন্তত চিকিৎসকে দহ বছৰীয়া ছাত্ৰগৰাকীয়ে কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি কয়৷ পৰিয়ালৰ লোকে এই কথা অৱগত হৈ শোকৰ সাগৰত ভাগি পৰে৷ দৰিদ্ৰ পিতৃয়ে এদিন হাজিৰা নকৰিলে ঘৰ চলাব নোৱাৰা৷ সন্তানক এতিয়া কলৈ নিব কি কৰিব এনে পৰিৱেশৰ অৱস্থা হৈছে৷

উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিব কোৱাত দুবেলা-দুসাজ ভালদৰে খাব নোপোৱা দৰিদ্ৰ পৰিয়ালটোৱে পুত্ৰৰ ৰোগৰ বাবে বিপাঙত পৰে। বেদনাত চকুলো টুকি দিন পাৰ কৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। দৰিদ্ৰ পৰিয়ালটোৱে মৰমৰ পুত্ৰ সন্তান হৰিপ্ৰসাদ মাঝিৰ উন্নত চিকিৎসাৰ বাবে এতিয়া বিছাৰিছে আপোনাৰ সহায়৷ ৰাইজ, চৰকাৰ তথা দল-সংগঠনৰ পৰা সহায় বিচাৰি আবেদন জনায়। কোনো ব্যক্তি, দল-সংগঠনে পৰিয়ালটোৰ সৈতে ৮৬৩৮৩৫৫৬২৮ নম্বৰত যোগাযোগ কৰিব পাৰে।