এতিয়া বিছনাৰ সংগী অভিনেত্ৰী হ’ব খোজা অনামিকা, দিল্লীত যাবলৈ লাগে আপোনাৰ সহায়

কামপুৰঃ দৰিদ্ৰ পৰিয়ালৰ সন্তান যদিও পঢ়ি শুনি ডাঙৰ মানুহ হ’ব বিছাৰে তাই৷ দৰিদ্ৰ পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙাব বিছাৰে তেই৷ স্কুল-বিদ্যালয়ত গুৰুত্ব সহকাৰে পঢ়ে তাই৷ কিয়নো তাই সৰুৰে পৰা দেখিছে দৰিদ্ৰতা৷ দৰিদ্ৰতা কি বুজি পাই তাই৷ যাৰ বাবে পিতৃ-মাতৃক প্ৰতিটো ক্ষেত্ৰত সহযোগ কৰে তাই৷ তেও মনৰ মাজত লুকুৱাই ৰাখিছিল এগৰাকী অভিনেত্ৰী হোৱাৰ সপোন৷

কিন্তু তেওৰ অভিনেত্ৰী হোৱাৰ সপোন যেন সপোন হৈয়ে ৰব৷ কিয়নো তেও এতিয়া বিছনাৰ সংগী৷ জটিল ৰোগত আক্ৰান্ত হৈ তেও এতিয়া বিছনাতে পাৰ কৰে দিন৷ নাম তাইৰ অনামিকা বৰা৷ নগাঁও জিলাৰ কামপুৰৰ মুগাছিঙা গাঁৱত ঘৰ তাইৰ। অনামিকা এতিয়া বিছনাৰ সংগী৷ খোৱা-লোৱাৰ পৰা আদি কৰি সকলো বিছনাতে সকলো কৰে অনামিকাই৷

পিতৃ-মাতৃ অবিহনে বিছনাৰ পৰা উঠিব নোৱাৰে অনামিকাই৷ যিটো সময়ত সমনীয়াই ব্যস্ত হৈ পৰিছে জীৱন গঢ়াৰ যুদ্ধত সেই বয়সত অনামিকাই যুঁজব লগা হৈছে ৰোগৰ সৈতে৷ জটিল ৰোগে অনামিকাৰ জীৱনলৈ মনমাই আনিলে কাল ধুমুহা৷ সকলোৰে আপােন অনামিকা এতিয়া অকলশৰীয়া৷ কালিলৈ হাঁহি মাতি থকা সুস্থ-সৱল, মৰমলগা অনামিকাৰ পৰিয়াল এতিয়া পথভ্ৰষ্ট৷ অনামিকাৰ মুখলা চালে পিতৃ-মাতৃৰ হিয়া কপি উঠে৷

যেতিয়া আপোন মানুহ এজন তিলতিল মৃত্যুৰ দিশে আগবাঢ়ি গৈ থাকে আৰু সকলো দেখিও একো কৰিব নোৱাৰি হাত সাৱটি থাকিব লগা হয় তেতিয়া বুকুত অএকুৰা জুই জ্বলে৷ আৰু যদি পিতৃ-মাতৃয়েই একো কৰিব নোৱাৰে জন্ম দিয়া সন্তানৰ বাবে৷কৰুণ ঘটনা, অসহায় পিতৃ-মাতৃয়ে একো কৰিব পৰা নাই নিজৰ কন্যাৰ বাবে৷ সুস্থ কৰি তুলিবলৈ যি খিনি আছিল সকলো শেষ কৰিলে তথাপিও নিজ কন্যা আৰোগ্য ন’হল৷ মেধাৱী অনামিকা ডেৰ বছৰ পুৰ্বে আক্ৰান্ত হৈছিল ব্ৰেইন টিউমাৰত।

কামপুৰ মুগাচুঙীয়া গাঁৱৰ অনামিকা বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰ সহ উত্তীৰ্ণ হৈ বৰ্তমান উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়নৰত৷ ছাত্ৰীগৰাকী বৰ্তমান ব্ৰেইন টিউমাৰৰ দৰে জটিল ৰোগত আক্ৰান্ত ৷ পিতৃ-মাতৃয়ে বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি কৰি আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে ৷ কাৰণ অনামিকাক চিকিৎসকে দিল্লীৰ চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে নিবলৈ পৰামৰ্শ আগবঢ়াইছে। আৰ্থিক ভাৱে পিতৃ-মাতৃ অপাৰগ।

কাৰণ সাচঁতীয়া ধন কেইটাও জীয়ৰীৰ চিকিৎসাৰ নামতে খৰচ হ’ল৷ উপায়হীন হৈ পিতৃ-মাতৃয়ে অসমৰ ৰাইজৰ, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লপৰা সহায় বিছাৰিছে৷ আপুনি সহায় কৰিলে পিতৃ-মাতৃয়ে পুনৰ চিকিৎসা আৰম্ভ কৰিব পাৰিব জীয়ৰীৰ৷ অনামিকাক আপুনি সহায় কৰিব পাৰিব৷ ইউ বি আই কামপুৰ শাখাৰ পিতৃ নগেন বৰাৰ একাউন্ট, 0034010110878 -Ifsc,-TBIOKAM346ৰ জৰিয়তে সহায় আগবঢ়াব পাৰিব৷ অন্যথাই পিতৃৰ  9854764006 ম'বাইল নম্বৰত যোগাযোগো কৰিবও পাৰে৷