
newsnextone। নীলবাগানঃ মানুহক এডাল সুতাৰে বান্ধি ৰখাৰ নাম কবিতা ৷ কবিতাই মানুহক এক কৰে ৷ কবিতাৰ উদ্দেশ্য মহৎ আৰু তেনে কবিতাৰে বিশ্ব জয় কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ, নজৰুল ইছলাম, হীৰেণ ভট্টাচাৰ্যই ৷ এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানৰ ডাঙৰীয়াৰ৷ চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰনি পৰিল ৷
নীলবাগান ক্ৰীড়া সন্থাৰ খেলপথাৰ ‘‘সমন্বয় ক্ষেত্ৰৰ’’ বাকৰিত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ অধিৱেশনৰ আজি এক আৱেগিক পৰিৱেশত সামৰনি পৰে ৷ সামৰনি অনুষ্ঠানৰ মুকলি সভা ‘কাব্য চিন্তা’ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, প্ৰভাত বৰা, সাংবাদিক-নিৱন্ধকাৰ জমশ্বেৰ আলী সহ কেবাগৰাকী বিশিষ্ট কাব্য সমালোচকৰ উপস্থিতিত জীপাল হৈ উঠে কবিতাৰ মেহফিল৷ কবি সন্মিলনৰ মুকলি মঞ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানক এখনি সম্বৰ্ধনা পত্ৰৰে কবিতাৰ মঞ্চত উষ্ম আদৰণি জনোৱা হয় ৷
সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামানে৷ মুকলি সভাত মুখ্য অথিতি হিচাপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, নগাওঁ গাৰ্লছ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত বৰা উপস্থিত থাকে ৷
অধ্যাপক মান্নানে নিজৰ ভাষণত কবিতাৰ জৰিয়তে কেনেকৈ সমাজ বিপ্লৱ ঘটিছিল তাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ কবিতাৰ জৰিয়তে সমাজ পৰিৱৰ্তন সম্ভৱ বুলিও অধ্যাপক গৰাকীয়ে নিজৰ ভাষণত কয় ৷ কাব্যচিন্তা অনুষ্ঠানত অসমৰ কবিতাৰ আকাশৰ তিনি গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে আনন্দ চন্দ্ৰ দত্তক কবিপ্ৰাণ, ৰাম গোস্বামীক কাব্যৰত্ন আৰু ভৱেন বৰুৱাক কাব্যঋষি উপাধি প্ৰদান কৰা হয় ৷
দিনৰ এক বজাত সদৌ অসম কবি সন্মিলনৰ অসমৰ বিভিন্ন জিলা কবি সন্মিলনৰ সভাপতি, সম্পাদকৰ সন্মিলন অনুষ্ঠিত কৰা হয় ৷ নীলকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰতিখন জিলা সমিতিৰ সভাপতি, সম্পাদক আৰু শাখা কবি সন্মিলনৰ সভাপতি, সম্পাদকসকলক একোখনকৈ মানপত্ৰৰে সন্মান জনোৱা হয় ৷
ইপিনে অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনা শ্বাহনেৱাজ হুছেইনৰ জীৱনৰ পানচৈ,দেৱৰাজ মিলিৰ আঙুলি,দিলৱাৰ হুচেইনৰ হৃদয়ত এজাক সুখৰ বৰষুণ,কংকনা বাদেৰ বাইগা নীলিম আকাশ ,পাৰবেজ আলমৰ তৃষ্ণা(কবিতা সংকলন),তুলিকা দেৱীৰ পৰিধি বিহীন মোৰ আকাশ, ছাদিকুজ জামানৰ মনত পৰে,ৰাজীৱ হুচেইনৰ ভোক, হেমন্ত ভাৰতীৰ প্ৰাৰ্থনা কাতৰ সমদল,আলহাজ মোস্তাফা আহমেদৰ প্ৰেমৰ নদী, মেহবুব আহমেদ বৰভূঞাৰ অন্তৰাগ জীৱন তৃষ্ণাৰ,আলহাজ মোস্তাফা আহমেদৰ অনুভৱ নামৰ চুটিগল্পৰ সংকলন, পল্লবী মহন্তৰ মন গলে কেতিয়াবা আহিবাচোন,মিনতি দেৱী কাকতিৰ ৰাতি জুনুকা নিপিন্ধিবা,নুৰ উদ্দিন আহমেদৰ নীৰৱ অন্তৰৰ এমুঠি কবিতা,ছাদিকুজ জামানৰ সম্পাদনাত পষেকীয়া সমন্বয় বাৰ্তালোচনী, আলহাজ মছদ্দৰ আলীৰ সম্পাদনাত শান্তি দৰ্পন আলোচনী আদিকে ধৰি বহু কেইখন কবিতা পুথি,প্ৰৱন্ধ সংকলন,আলোচনী উন্মোচন কৰা হয়।
কবি সন্মিলনৰ মুখপত্ৰ কবিতা বাৰ্তালোচনী নতুন কবিতা কাব্য কন্ঠ, কাব্য মনীষা,কাব্য নিৰ্যাস উন্নোচন কৰা হয়। ইপিনে আদৰণী সমিতিয়ে বৃহত্তৰ নীলবাগান অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী,শিক্ষাবিদ,সাহিত্যিক সকলক সম্বৰ্ধনা জনায়। কমৰেড মনিৰ উদ্দিন,ফয়জুল হক খান,আব্দুছ চোবহান চৌধূৰী,আলহাজ আব্দুৰ ৰহিম,ফয়জুৰ ৰহমান বৰভূঞা,সিৰাজুল হক,মতিউৰ ৰহমান,হেনাৰা বেগম,আব্দুছ চালাম তাপাদাৰকে ধৰি বৰন্যে ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়।
কবি সম্মিলনৰ মধ্যকালীন নীলবাগান চাৰিদিনীয়া অধিৱেশন খন সফল কৰাত ৰাইজক অভিনন্দন জ্ঞাপন কৰে আদৰণী সমিতিৰ সভাপতি ডঃ হাচিনুচ চুলতানকে ধৰি অভ্যৰ্থনা সমিতিৰ বিষয়া ববীয়া ক্ৰমে খলিলুৰ ৰহমান মজুমদাৰ,তমিজুৰ ৰহমান লস্কৰ,আইনুল হক চৌধুৰী,ৰফিক উদ্দিন বৰভূঞা,বাচিত আলম চৌধূৰী,এনাম হুছেইন,পাৰবেজ আহমেদ, নুৰ উদ্দিন আহমেদ,মুস্তাফা আল আমিন,ৰায়হান আহমেদ চৌধূৰী,ছাদিকুজ জামান,নাজিম উদ্দিন,আমিন আহমেদ চৌধূৰী,বদৰুল আলম,স্বাকিৰ আহমেদ শিবিৰ আহমেদ চৌধূৰী,কফিল উদ্দিন বৰভূঞা,আব্দুল কাদিৰ, নজৰুল ইছলাম ,আমিৰুল ইছলাম,শ্বহিদুল আলম,মঞ্জৰুল ইছলাম,আখতাৰ হুছেইনে ।
সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলাৰ বিপণীসমূহত গ্ৰন্থপ্ৰেমীৰ সঁহাৰি সন্তুষজনক বুলি মন্তব্য কৰে বিপণীসমূহৰ পৰিচালকসকলে ৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰকাশন গোষ্ঠীৰ বিপণীসমূহত অগণন লোকে ভীৰ কৰে ৷ যুৱ প্ৰজন্মৰ বহু পঢ়ুৱৈয়ে নিজৰ প্ৰিয় গ্ৰন্থ ক্ৰয় কৰা দৃশ্য আছিল গ্ৰন্থৰ জগতৰ বাবে এক আশাৰ বাৰ্তা ৷