নেপালত ধুমুহা-বৰষুণত ২৫ জনৰ মৃত্যু, ৪ শতাধিক আহত

কাঠমাণ্ডুঃ দেওবাৰে বিয়লি অহা এজাক ধুমুহা-বৰষুণত নেপালত অতি কমেও ২৫ জন লোক নিহত হোৱাৰ লগতে ৪০০ৰো অধিক লোক আহত হয়। 

ধুমুহা-বৰষুণে দক্ষিণ নেপালৰ বাৰা জিলা আৰু কাষৰীয়া পাৰছা নামৰ জিলাখনক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে।

চৰকাৰী তথ্যত প্ৰকাশ যে আহতসকলক বিভিন্ন হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উদ্ধাৰ অভিযানৰ বাবে সেনাক নিয়োগ কৰা হৈছে।