
ডিজিটেল ডেস্কঃ শীঘ্ৰে চৰকাৰে মুকলি কৰিব নতুন দহ টকীয়া নোট৷ খবৰ মতে, ৰিজাৰ্ভ বেংকৰ নতুন দহ টকীয়া নোটৰ নক্সাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে৷ পূৰ্বৰ দৰেই মহাত্মা গান্ধীৰ ছবি থাকিবলগীয়ে নোটৰ বৰণ সলনি কৰিব ৰিজাৰ্ভ বেংকে৷
নোট খনৰ এটা কোনত মন্দিৰৰ ফটো থাকিব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ১১০ কোটি নতুন দহ টকীয়া নোট ছপা কৰিছে ৰিজাৰ্ভ বেংকে৷ দুই-এদিনৰ ভিতৰতে নোট সমূহ বজাৰলৈ আহিব৷ ২০০৫ চনত অন্তিম বাৰৰ বাবে দহ টকীয়া নোটৰ ধৰণ সলনি কৰা হৈছিল৷ ২০০ আৰু ৫০ টকীয়া নোটৰ পিছত বজাৰলৈ আহিবলৈ সাজু হৈছে দহ টকীয়া নোট৷