
গৰৈমাৰিঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা সততে কৈ ফুৰা চৰকাৰ খনৰ স্বাস্থ্য বিভাগটোত ঘটিছে কি? নিতৌ সংঘতিত হৈছে এটাৰ পিছত এটা কৰুণ ঘটনা। কৰ’বাত যদি ৰোগী নিছে ঠেলাৰে, কৰ’বাত আকৌ নিছে ভাৰ বান্ধি৷ এইবাৰ আকৌ ১০৮ৰ অভাৱত ৰোগীক চিকিৎসালয়লৈ নিছে ঘোৰা গাড়ীৰে৷
বৰপেটা আৰু নদীদ্বীপ মাজুলীৰ পিছত এইবাৰ স্বাস্থ্য বিভাগৰ অতি কৰুণ দৃশ্য দেখা পোৱা গ’ল গৰৈমাৰিত। ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰামাঞ্চলৰ ৰোগী তথা বেমাৰী সকলক জৰুৰী কালীন ভাবে চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত ১০৮ এম্বুলে সেৱা আগবঢ়াইছে যদিও এই সেৱা একাংশ গ্ৰামাঞ্চলৰ দৰিদ্ৰ তথা বেমাৰী লোকে নাপায়।
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহাপাৰাত এগৰাকী বৃদ্ধক ঘোৰাঁ গাড়ীৰে গৰৈমাৰী সামূহিক স্বাস্হ্য কেন্দ্ৰত চিকিৎসাৰ বাবে অনা ঘটনাই স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ পুনৰ উদঙাই দিছে। এম্বুলেঞ্চ নোপোৱাৰ ফলত এনেদৰেই গৰৈমাৰীৰ স্বাস্থ্য কেন্দ্ৰত আহিবলগীয়া হ’ল ৰোগী। বুকু ফিন্দাই থকা স্বাস্থ্যমন্ত্ৰীৰ স্বাস্থ্যবিভাগত এয়াই জৰুৰী এম্বুলেন্স সেৱা।
শিক্ষক আৰু প্ৰিয়ংকা চোপ্ৰাৰ পিছত লাগি থকা মন্ত্ৰীয়ে এবাৰ গ্ৰামাঞ্চল বোৰলৈও চকু দিয়া উচিত। এনেদৰেই গ্ৰামাঞ্চলৰ বেমাৰী সকলে এম্বুলেন্স সেৱা সময়মতে নাপাই অৱশেষত উপাই নাপাই ঠেলা গাড়ী বা ঘোৰা গাড়ীৰেই চিকিৎসালয়লৈ আহিব লগা হয়।
আনকি গৰৈমাৰী অঞ্চলৰ এনে কিছুমান বাট পথ আছে তেনেই জৰাজীৰ্ণ, পানী আৰু বোকাময়, যত এম্বুলেন্স সোমাব নোৱাৰে। বৰ্তমানেও নাৱেৰে পাৰা পাৰ হ'ব লগা হৈছে। স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম কৰাৰ পিছতো গৰৈমাৰী অঞ্চলৰ বাট পথ পূৰ্বৰ দৰেই আছে। যাৰ বাবেই বেমাৰী সকলক লৈ দুৰ্ভগ ভূগিব লগা হৈছে সাধাৰণ জনতাই।