হাইলাকান্দিত এ আই ইউ ডি এফৰ জামিৰা জি পি সমিতি গঠন

ঘাৰমোৰাঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত এ আই ইউ ডি এফ দলৰ ভেটি অধিক মজবুত কৰিবৰ বাবে দেওবাৰে জামিৰা ৰেল ষ্টেচনৰ সমীপত দলৰ এখন সভা অনুষ্ঠিত কৰে। জামিৰা জিপিৰ সভাপতি আফতাৱ উদ্দিন বৰভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত ৪১জন সদস্য বিশিষ্ট এ আই ইউ ডি এফ জামিৰা আঞ্চলিক সমিতিখন পুণৰগঠন কৰা হয়।

শতাধিক কৰ্মী সমৰ্থকৰ প্ৰস্তাৱ তথা সমৰ্থনত নবগঠিত সমিতিখনৰ সভাপতি হিচাপে নেজাম উদ্দিনক মনোনয় কৰা হয়। উপসভাপতি হিচাপে কমৰুল ইছলাম, সম্পাদক হিচাপে আলী আহমেদ বৰভূঞা তথা সহঃ সম্পাদক পদত নজমুল হুছেইন মজুমদাৰক মনোনীত কৰা হয়।

সমিতি খন গঠন কৰাৰ সময়ত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে দলটোৰ কাটলীছড়া সমষ্টিৰ সভাপতি হাফিজ খলিলুৰ ৰহমান,সম্পাদক ৰফিক উদ্দিন,যুব এ আই  ইউ ডি এফৰ কবিৰ খান, হাইলাকন্দি জিলা সমিতিৰ সাধাৰণ সম্পাদক জহিৰ উদ্দিন৷ একেদিনাই তেওঁলোকৰ উপস্থিতিত নবগঠিত সমিতি খনৰ সদস্যসকলক সততাৰে দলৰ স্বাৰ্থৰ হকে কাম কৰাৰ বাবে শপত বাক্য পাঠ কৰায়৷

সভাত আফতাৱ উদ্দিন বৰভূঞাই বিধায়ক সুজাম উদ্দিন বৰভূঞাৰ কামৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে গৌতম ৰয়ৰ আমোলত হোৱা দুৰ্নীতিৰ বাবে কাটলীছাৰা বিধানসভা সমষ্টি বহুখিনি পিচপৰি থাকিব লগা হৈছে বুলি ব্যক্ত কৰে৷ লগতে বিধায়ক সুজামৰ নেতৃত্বতে এতিয়া কাটলীছৰাত উন্নয়নৰ ধল বোৱা বুলি তেওঁ উল্লেখ কৰে৷

আগন্তুক পঞ্চায়ত নিৰ্বাচনত উপযুক্ত প্ৰাৰ্থীক টিকট দিবলৈ জিলা সমিতিৰ নেতৃত্বক উপস্থিত জনতাই আহ্বান জনায়৷ পিচত স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰে ফোনযোগে নবগঠিত সমিতি খনক শুভেচ্ছা জ্ঞাপন কৰে৷