কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ ৰঙিয়া জিলা-আঞ্চলিক সমিতি গঠন

তুলসীবাৰীঃ সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে দেওবাৰে ৰঙিয়াত সাধাৰণ সভা এখন অনুষ্ঠিত হয়৷ স্থানীয় ফেকাল্টি একাডেমীত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত সভাখনত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অনুপল দত্ত পাঠক উপস্থিত থাকি ভাষণ প্ৰসংগত ৰাজ্যৰ ২৬ লক্ষাধিক নিবনুৱাৰ প্ৰায় আশী শতাংশই কলিতা জনগোষ্ঠীয় বুলি উল্লেখ কৰে৷

আন জনগোষ্ঠীৰ নিবনুৱা যুৱক তথা যুৱতী সকলৰ দৰে কলিতা জনগোষ্ঠীয় যুৱক-যুৱতী সকলকো পৰ্যাপ্ত সা-সুবিধা প্ৰদানেৰে অতি শীঘ্ৰে কৰ্মসংস্থাপনৰ দাবী জনাই ছাত্ৰ নেতা জনে৷ সংগঠনটোৰ উপদেষ্টা পংকজ কলিতা, মুখপাত্ৰ জয়ন্ত কলিতা, উপ সভাপতি ভাস্কৰ কলিতাকে ধৰি আন কেবাগৰাকীও ছাত্ৰ নেতাই ভাষণ প্ৰসংগত কলিতা জনগোষ্ঠীৰ অন্তৰ্গত লোক সকলৰ সাম্প্ৰতিক সময়ত দুৰ্ভোগ কৰি অহা অভাৱ-অভিযোগ সন্দৰ্ভত আলোকপাত কৰে৷

উক্ত সভাতে সংগঠনটোৰ স্থিতি সুদৃঢ় কৰণৰ লক্ষ্যৰে বিজয় কলিতা আৰু বাবুল কলিতাক ৰঙিয়া জিলা সমিতিৰ ক্ৰমে সভাপতি আৰু সম্পাদক তথা অমৰ কলিতা আৰু ব্ৰজেন কলিতাক ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক হিচাপে লৈ শক্তিশালী সমিতি দুখন গঠন কৰা হয়৷