কাৰ্বি আংলঙৰ বোকাজান প্ৰেছ ক্লাৱৰ সমিতি গঠন

বোকাজানঃ কাৰ্বি ভূমিৰ পৰা সততাৰে কাম কৰি অহা সংবাদিক সকলৰ অন্যতম সংগঠন বোকাজান প্ৰেছ ক্লাৱৰ বুধবাৰে এখন সভা অনুষ্ঠিত হয়৷ বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি আনন্দ টেৰাঙৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাত সম্পাদক গণেশ পাছোৱানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷

দিনৰ ১১ বজাত বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত৷ অনুষ্ঠিত সভাত সৰ্বসন্মতি ক্ৰমে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত কুমাৰ মিশ্ৰক উপদেষ্টা, প্ৰকাশ গগৈক সভাপতি, ৰঞ্জিত বৰাক উপ-সভাপতি, ৰুবুল দিহিঙীয়া আৰু আনন্দ টেৰাংক যুটীয়া সম্পাদক, সৰোজ মহন্তক সাহিত্য-সংস্কৃতি আৰু ক্ৰীড়া সম্পাদক, গণেশ পাছোৱানক কাৰ্যালয় সম্পাদক আৰু সভাত উপস্থিত আন ৮গৰাকী সাংবাদিকক কাৰ্যনিৰ্বাহক সদস্যৰূপে লৈ বোকাজান প্ৰেছ ক্লাৱৰ ১৫ জনীয়া সমিতিখন গঠন কৰা হয়৷