চমক, নিজে গাড়ী চলাই কাজিৰঙা ভ্ৰমণ কৰিলে নতুন বনমন্ত্ৰী পৰিমলে

কাজিৰঙাঃ চমক সৃষ্টিৰ বাবে ৰাজনেতাই সকলো কৰে৷ মন্ত্ৰিত্ব লাভ কৰি ৰাজনেতাই চমক সৃষ্টিৰ বাবে ৰচনা কৰে একো একোখন নাটক৷ চাডেন ভিজিট, কাৰ্যালয় পৰিদৰ্শন, ইটো কৰিম সিটো কৰিম বুলি সংবাদ শিৰোনাম দখলৰ চেষ্টা কৰে ৰাজনেতাই৷ মুঠৰ ওপৰত চমক সৃষ্টিৰ বাবে পাৰিলে মন্ত্ৰীসকলে দুই তিনিটা কেমেৰা লগত লৈ ঘুৰিব খোজে৷ 

কিন্তু কিছু ব্যতিক্ৰম ৰজ্যৰ নতুন বনমন্ত্ৰী৷ প্ৰচাৰ আৰু বিলাসীতাৰ পৰা শতযোজন দুৰত থকা মন্ত্ৰীগৰাকীয়ে নিজে গাড়ী চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে দেওবাৰে৷ ৰাজ্যৰ নতুনকৈ বনমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ গ্ৰহণ কৰা পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এন কে বাসুক কাষৰ আসনত বহুৱাই নিজে চালকৰ আসনত বহি উদ্যানৰ বিভিন্ন এলেকা ভ্ৰমণ কৰে। বনমন্ত্ৰী শুক্লবৈদ্যই কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে চোৰাং চিকাৰী মূল প্ৰত্যাহ্বান। 

পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত উদ্যানত চোৰাং চিকাৰীৰ দ্বাৰা বহু গঁড় হত্যা হৈছে। কিন্তু, সৰ্বানন্দ সোণোৱালে মুখ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে কাজিৰঙাৰ গঁড় হত্যা হ্ৰাস পাইছে। গঁড় হত্যা ৰোধৰ বাবে যিকোনো কৰিবলৈ সাজু বুলিও কয় নতুনকৈ দায়িত্ব গ্ৰহণ কৰা বনমন্ত্ৰীগৰাকীয়ে। বনমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথম বাৰৰ শনিবাৰে নিশা কাজিৰঙাত উপস্থিত হয় পৰিমল শুক্লবৈদ্য। 

নিশাটো কাজিৰঙাৰ কহঁৰাস্থিত বনবিভাগৰ অতিথিশালাত অতিবাহিত কৰি পুৱাই পৰিমল শুক্লবৈদ্যই বনবিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উচ্চ পদস্থ বিষয়া, উদ্যানৰ সমীপৰ জিলাৰ আৰক্ষী-প্ৰশাসনৰ সৈতে বনবিভাগৰ সভাগৃহত বৈঠকত মিলিত হয়। বৈঠকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন সমস্যা তথা সমাধান সন্দৰ্ভত আলোচনা কৰা হয়। 

ইয়াৰ পাছতে বৃহত্তৰ কাজিৰঙা অঞ্চলৰ ইক' ডেভেলপমেণ্ট সমিতিৰ বিভিন্ন প্ৰতিনিধিৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ কাষৰীয়া এলেকাৰ সমস্যা তথা সমাধানৰ উপায় সন্দৰ্ভত আলোচনা কৰে। তদুপৰি, আবকাৰী বিভাগ আৰু মীন বিভাগৰ লোকৰ সৈতেও আলোচনাত বহে শুক্লবৈদ্যই। ইয়াৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ আৰিমৰা বনশিবিৰলৈ খোলা জিপচী গাড়ীৰে প্ৰৱেশ কৰে। 

ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা ৰাজ্যৰ বন বাহিনীৰ মুৰব্বী এন কে. বাসু ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক ডি পি বাংকোৱাল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদ্বীপ বৰুৱা, বন সংৰক্ষক জে আহমেদ, বন প্ৰাধিকাৰী বিষয়া ৰোহিনী বল্লভ শইকীয়া, সহকাৰী বন সংৰক্ষক মুকুট দাসকে ধৰি বনবিভাগৰ বিভিন্নগৰাকী বিষয়া-কৰ্মচাৰীৰ সৈতে মন্ত্ৰীয়ে উদ্যানত প্ৰৱেশ কৰে। 

উদ্যানৰ আৰিমৰা এলেকাত গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে বনকৰ্মীৰ বুজ লয়। বোকা পানীৰ মাজেৰে খোজ কাঢ়িও আগবঢ়া বনমন্ত্ৰী শুক্লবৈদ্যই কাজিৰঙাৰ সুৰক্ষাৰ বাবে ব্যৱহৃত ইলেকট্ৰনিক আইৰ বুজ লয়। উদ্যানৰ অপতৃণ নাইকিয়া কৰাৰ নতুন আঁচনি লোৱাৰ কথা ঘোষণা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে ৰাইজৰ সহযোগ বিচাৰে নতুন মন্ত্ৰীয়ে।

ইয়াৰ উপৰিও উদ্যানৰ অন্তৰ্ভাগত থকা বনকৰ্মীসকলক উদ্দেশ্যি কয় যে আপোনালোক অবিহনে কাজিৰঙা উদ্যান কেতিয়াও সুৰক্ষিত নহয়। বনকৰ্মীৰে কৰমৰ্দন কৰি উদ্যান সুৰক্ষাত বৰ্তমানতকৈ অধিক তৎপৰ হ'বলৈ আহ্বান জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেজুৱেল কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰাৰ ব্যৱস্থাগ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে। 

ইপিনে, দুৰ্নীতিত জড়িত গোলাঘাটৰ বন প্ৰাধিকাৰী বিষয়া ৰাজীৱ দাসৰ সৈতে পলাতক সকলো বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কিয় বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীয়ে কয় যে বি আই ই অ’ই গোচৰ দিয়া সকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব।