ৰঙা চীনক প্ৰত্যাহ্বান জনাই সাজু ভাৰতীয় সেনাবাহিনী

লখিমপুৰঃ ৰঙা চীনক প্ৰত্যাহ্বান জনাই সাজু হৈছে ভাৰতীয় জোৱান। দেশ মাতৃক সুৰক্ষা দিয়াৰ স্বাৰ্থত বিগত ২৪ সপ্তাহ অশেষ কষ্টেৰে প্ৰশিক্ষণ গ্ৰহণ কৰা জোৱান সকলে আজি বুকুত আঁৰি লবলৈ সক্ষম হল সেনাৰ ফলক।

 আজি অসম অৰুণাচল সীমান্তৱৰ্তী কেমিনত অৱস্থিত ইন্দো তিব্বতীয়ান বৰ্ডাৰ পুলিচ প্ৰশিক্ষণ শিবিৰত ১৯২ গৰাকী আই টি বি পি জোৱানে শপত গ্ৰহণ কৰে।

দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত হোৱা সৈনিক সকলে আজি সম্পূৰ্ণ সামৰিক কাৰ্যসূচীৰে সাংবিধানিক শপত গ্ৰহণ কৰি দেশ মাতৃৰ হকে সদায় সাজু থাকিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়।