
গোৰেশ্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰী সভাত স্থান লাভ কৰি শনিবাৰে নিজ সমষ্টিৰ অন্তৰ্গত গোৰেশ্বত উপস্থিত হয় ভৱেশ কলিতাই৷ এদিন পূৰ্বে ৰঙিয়া চহৰত উপস্থিত হোৱাত ৰাইজে শুভেচ্ছা সম্বৰ্ধনা যাচে৷ তাৰ লগে লগে শনিবাৰে গোৰেশ্বৰত উপস্থিত হোৱাত গোৰেশ্বৰৰ একাংশ দল-সংগঠন তথা বিজেপি দলৰ নেতা-কৰ্মীয়ে সম্বৰ্ধনা যাচে৷
জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰিত্ব লাভ কৰা ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই গোৰেশ্বৰত উষ্ম আদৰণি যাচে। মন্ত্ৰীগৰাকীক গোৰেশ্বৰ চহৰৰ মাজেৰে শোভাযাত্ৰা কৰি বেঙেনাহাটী প্ৰেক্ষাগৃহলৈ আদৰি অনা হয়। গোৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি যতীন ডেকাৰ পৌৰহিত্যত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
সম্বৰ্ধনা সভাত গোৰেশ্বৰ অঞ্চলৰ কেবাটাও দল সংগঠনৰ লগতে কেইবাগাৰকী লোকক ফুলাম গামোচা, জাপি, শৰাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। নৱ নিযুক্ত মন্ত্ৰীগৰাকীয়ে জলসিঞ্চন ব্যৱস্থাটোক সংস্কাৰ মুখী কৰাৰ লগতে গোৰেশ্বৰত শুক্লাই জলসিঞ্চন আঁচনিত চলি থকা আসোঁবাহ দূৰ কৰি বিভাগকেইটাক দক্ষতাৰে চলাই নিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। গোৰেশ্বৰত অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপন কৰাৰ আশ্বাস দিয়ে৷