
কাকপথাৰঃ ৰাজ্যত ভূমিষ্ঠ হৈছে নতুন বিদ্ৰোহী সংগঠনৰ৷ ইতিমধ্যে সংগঠনটোৱে ব্যাপক হাৰত সাংগঠনিক ভেটি শক্তিশালী কৰি তুলিছে৷ বিশেষকৈ উজনি অসমত ব্যাপক হাৰত ধনদাবী কৰাৰ কথা পোহৰলৈ আহিছে৷ তিনিচুকীয়া জিলাৰ শদিয়াত অসম মুক্তি সেনাৰ (স্বাঃ যুজাৰু) নামৰ অখ্যাত সংগঠনটোৰ এগৰাকী সদস্য আৰক্ষীৰ জালত পৰাৰ পিছতে এই তথ্য পোহৰলৈ আহে৷
জানিব পৰা মতে, সংগঠনটোৰ হৈ এগৰাকী ব্যৱসায়ীক ধন দাবী কৰি আৰক্ষী জালত পৰে বিকাশ পণ্ডিত নামৰ এজন যুৱক। নিজকে অসম মুক্তি সেনা নামৰ সশস্ত্ৰ সংগঠনৰ সদস্য বুলি দাবী কৰে বিকাশে৷ অখ্যাত সংগঠনটোৰ পেডত উল্লেখ কৰা মতে সংগঠনটোৰ সভাপতি ব্ৰহ্মপুত্ৰ ফেৰী, সাধাৰণ সম্পাদক দিগন্ত হাতীবৰুৱা।
শদিয়াত দুজন ব্যৱসায়িক সংগঠনটোৰ হৈ ধন দাবী কৰাৰ অভিযোগত শদিয়া চেং চাপ গাঁৱৰ বুলুধৰ গগৈৰ পুত্ৰ বিশ্বজিত গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে কাকপথাৰ পঞ্চায়ত কাৰ্যালয়ৰ সমীপত থকা এটা ডিটিপি চেণ্টাৰৰ কৰ্মচাৰী বিকাশ পণ্ডিতক আটক কৰা লগতে কেইবাখনো ধনদাবী পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিকাশে বিগত ছয় মাহৰ পৰা প্ৰায় ৬০ৰো অধিক ধন দাবী পত্ৰ বনাই দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে।