
চামগুৰিঃ নগাঁও মহকুমাক সামৰি সহকাৰ ভাৰতীৰ মাৰ্গদৰ্শনত দেওবাৰে "নগাঁও মানৱ কল্যাণ বহুমুখী সমবায় সমিতি লিমিটেড" নামেৰে এটি ৰাজহুৱা প্ৰতিষ্ঠানৰ শুভ উদ্ধোধন কৰা হয়৷ আত্মসহায়ক গোট আৰু যুটীয়া দায়বদ্ধ গোটসমূহক শিল্প উদ্যোগৰ দ্বাৰা আৰ্থিক দিশত টনকিয়াল কৰা, কৃষিজীৱী, গো-পালন, দুগ্ধ উৎপাদন, বস্ত্ৰ উৎপাদন, মীনপালন, থলুৱা সাৰ, কাৰিকৰী উৎপাদন কৰিব খোজা ব্যক্তিসকলক সহায় কৰা আৰু নিৱনুৱা যুৱক-যুৱতীসকলক কৰ্ম-সংস্থাপন দিয়াৰ প্ৰয়াস কৰাৰ লক্ষ্য উদ্দেশ্যৰে গঠন হয় বহুমুখী সমবায় সমিতি খন৷ ৰাজহুৱা প্ৰতিষ্ঠানটোৰ শুভ উদ্ধোধন উপলক্ষে দেওবাৰে দিনৰ ১১ বজাত নগাঁও আমোলাপট্টি নাট্যমন্দিৰত শুভ উদ্ধোধন কৰা হয়৷
প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ত্ৰিদিপ লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ সুশীল কুমাৰ খাউণ্ডে উদ্দেশ্য আৰু ব্যাখ্যা কৰে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কৃষিৰ কাৰণে ভাৰতৰ ভিতৰত অসমৰ মাটিতকৈ সাৰুৱা কতো নাই বুলি কয়৷ অামি স্বাৱলম্বী হ'বৰ কাৰণে সমবায় ভিত্তিত কৃষি কৰি লাভৱান হ'ব পাৰো৷ কৃষি, মীনপালন আদিৰ জৰিয়তে আমি গ্ৰামাঞ্চলৰ উন্নয়ন কৰিব পাৰি৷ অসমখন স্বাৱলম্বী হ'বলৈ আমি সকলোৱে ইতিবাচক চিন্তা কৰিব লাগিব৷ সকলোৱে লগ হৈ সমবায়ৰ জৰিয়তে কৃষিকৰ্মত জৰিত হওঁ তেন্তে স্বাৱলম্বী হ'ব পাৰিম৷
সহকাৰ ভাৰতীৰ মধ্য অসমৰ সংগঠক তৰুণ চন্দ্ৰ বৰাই ভাষণ প্ৰসংগত কয়, আমি পৰনিৰ্ভশীল হৈ পৰিছো৷ আমাৰ মাটিত বাহিৰৰ পৰা মানুহ আহি কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱাৰ লগতে মাটি দখল কৰি আহিছে৷ আমি কৃষিকৰ্মৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰাৰ ফলত বাহিৰৰ লোকে আমাৰ মাটিত খেতিবাতি কৰি পাছত গোঁজেই গজালি মেলিছে৷ বন্ধন আদিৰ দৰে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা আমি ঋণ লৈ সৰ্বশ্বান্ত হৈ পৰিছো বুলি মন্তব্য কৰি বৰাই কয় বন্ধন আদি বিভিন্ন প্ৰতিষ্ঠান আদিৰ পৰা লোৱা টকাৰে কোনো উন্নয়ন হোৱা নাই৷
ভাষণ প্ৰসংগত মধ্য অসমৰ সংগঠকগৰাকীয়ে আত্মসহায়ক গোট, যুটীয়া দ্বায়বদ্ধ গোট, পথাৰ পৰিচালনা সমিতি আদিক বিভিন্ন থলুৱা উদ্যোগৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ আহ্বান জনায়৷ এই ক্ষেত্ৰত নগাঁও মানৱ কল্যাণ বহুমুখী সমবায় সমিতি লিমিটেডে আৰ্থিকভাৱে সহায়-সহযোগিতা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে৷ উদ্ধোধনী সভাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক ব্ৰজেন কাকতি আৰু সমাজকৰ্মী দিলীপ কুমাৰ গায়নে ভাষণ প্ৰদান কৰে৷