
newsnextone.com | নামতিঃ অৱশেষত ৰাইজৰ দাবী মানি ললে ৰেল বিভাগে৷ ৰেল হৈছে পৃথিৱীৰ আটাইতকৈ সুচল যাতায়ত সেৱাৰ ভিতৰৰ অন্যতম এটা৷ কম ভাড়াৰ বিনিময়ত ৰেলযাত্ৰা সম্ভৱ হোৱা বাবে বহু দৰিদ্ৰ লোকেও দেশ ভ্ৰমণ আদিৰ সুবিধা লাভ কৰিব পাৰে৷
আনহাতে স্থানীয় ৰেল সমূহে মহানগৰ অঞ্চলত শ্ৰমিকৰ অভাৱো দুৰ কৰি থকা পৰিলক্ষিত হয়৷ মহানগৰীৰ নাতিদূৰৰ জিলাসমূহৰ পৰা ৰেল যোগে প্ৰতি পুৱা বহু লোক মহানগৰীলৈ আহে আৰু দিনটোৰ শ্ৰমৰ শেষত পুনৰ ৰেলেৰে গৈ নিজৰ ঘৰখনত এঘুমুটি মাৰিবলৈ পায়৷
নিবনুৱাৰ পৰা চৰকাৰী চাকৰীয়ালৈ প্ৰতিদিনে বহু লোকেই ৰেল যাত্ৰা কৰে৷ ইয়াৰ ফলত ৰেল বিভাগৰো আৰ্থিক লাভ হোৱাৰ লগতে মহানগৰীত এটি ভাড়াঘৰ নথকা লোক সকলে কম খৰচৰ বিনিময় দৈনন্দিন যাত্ৰাৰে আৰ্থিক সকাহ লাভ কৰিবলৈ সক্ষম হৈছে৷
শেষত ৰেল বিভাগে এই সকাহ প্ৰদান কৰিলে নামতিবাসীকো৷ উল্লেখ্য যে, শিৱসাগৰ জিলাৰ নামতি আলিৰ ষ্টেচন হৈ চলাচল কৰে তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় মৰাণ হৈ ৰঙিয়ালৈ যোৱা ১৫৯২৮ নম্বৰৰ ৰঙিয়া এক্সপ্ৰেছ ৰেলগাড়ীখন৷
কিন্তু নামতি আলি ষ্টেচনত ৰেলখনৰ ষ্টপেজ নথকাত তিনিচুকীয়া, ৰঙিয়া আদি ঠাইলৈ ৰেলযাত্ৰা কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে নামতিবাসী৷ নামতি আঞ্চলিক উন্নয়ন সমিতিয়ে এই বিষয়ে ৰেল কৰ্তৃপক্ষক ২৮ ফেব্ৰুৱাৰীত আবেদন কৰিছিল যাতে ৰঙিয়া এক্সপ্ৰেছ ৰেলগাড়ীখন নামতি আলি ষ্টেচনত ষ্টপেজ প্ৰদান কৰা হয়৷
নামতি আঞ্চলিক উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজৰ আবদনৰ পিছতো ৰেল কৰ্তৃপক্ষই ৰেলগাড়ীখনৰ ষ্টপেজ সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাত ২৪ এপ্ৰিলত পুনৰ সমিতিখনে এই বিষয়ে DRM কাৰ্যালয়ক অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে৷ অন্যথা নামতিবাসী ৰাইজে ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও স্মাৰকপত্ৰ যোগে হুংকাৰ দিয়ে৷
নামতিবাসী ৰাইজৰ দ্বিতীয় বাৰৰ দাবীৰ পিছতে ৰেল কৰ্তৃপক্ষই পত্ৰ প্ৰেৰণ কৰি ৰঙিয়া এক্সপ্ৰেছ ৰেলগাড়ীখন নামতি আলি ষ্টেচনত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ৰেল কৰ্তৃপক্ষৰ প্ৰতিশ্ৰুতিৰ পিছত ৰঙিয়া এক্সপ্ৰেছ নামনিমুৱা ৰেলগাড়ীখন পুৱা ৯ বজাত উপলব্ধ হোৱাৰ লগতে উজনিমুৱা ৰেলখন উপলব্ধ হ’ব আবেলি ৪.১৫ বজাত৷
ৰেল বিভাগে নামতিবাসীক এই সকাহ প্ৰদান কৰাৰ পিছত সুখী হৈ পৰিছে নামতিবাসী ৰাইজ৷ ৰেল বিভাগক এই সিদ্ধান্তৰ বাবে ধন্যবাদ জনাই ৰেলখনে বৃহৎ অঞ্চলটোৰ ৰাইজৰ ৰেলযাত্ৰাৰ চাহিদা পূৰ কৰিব বুলি আশা কৰিছে নামতি আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি নাথুৰাম দত্ত আৰু সম্পাদক প্ৰাঞ্জিত চন্দ্ৰ চেতিয়াই৷