
গুৱাহাটীঃ ২০১৮ বৰ্ষৰ প্ৰথমটো পুৱাই ৰাজ্যৰ নাগৰিকৰ বাবে আহে ভাল খবৰটো৷ ২০১৭ চনৰ অন্তিমটো দিন ৩১ ডিচেম্বৰৰ মাজ নিশা এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশ পায়৷ অসমীয়া জাতিৰ দীৰ্ঘদিনিয়া সংগ্ৰামৰ ফল স্বৰূপে এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশ পায়৷

যাৰ ফলত ৰাজ্যৰ প্ৰতিগৰাকী লোক উৎফুল্লিত হৈ পৰে৷ মাজ নিশা সংবাদ মাধ্যমত এনআৰচিৰ খচৰা প্ৰকাশ হোৱাৰ খবৰ লাভ কৰি উৎফুল্লিত ৰাজ্যবাসীয়ে নতুন বছৰৰ প্ৰথমটো পুৱাই মন্দিৰ নতুবা পবিত্ৰ ঠাইত উপস্থিত হৈ নিজৰ লগতে দহৰ মংগলৰ বাবে প্ৰৰ্থনা কৰে৷ নিজৰ পৰিয়ালৰ সৈতে নতুন বছৰ কুশল হোৱাৰ কামনা কৰে ৰাজ্যবাসীয়ে৷

গুৱাহাটী মহানগৰী, শিৱসাগৰ জিলাৰ শিৱদৌল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি ঐতিহ্যমণ্ডিত ঠাইত শ-শ যুৱক-যুৱতী, পুৰুষ-মহিলা, আবাল, বৃদ্ধই ভিৰ কৰে৷ ৰাজ্যৰ প্ৰতিখন ঠাইৰ মন্দিৰ তথা পবিত্ৰ ঠাইত সোমবাৰে পুৱাৰে পৰা এতিয়া বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷

ৰাজ্য খনৰ পৰা অপায় অমংগল দূৰ হোৱাৰ কামনা কৰে লোকসকলে৷ নিজৰ পৰিয়ালটোৰ নতুন বছৰৰ পৰা শান্তি উন্নতি প্ৰগতি কামনে কৰি নেদেখা জনক প্ৰাৰ্থনা জনায়৷ শিৱসাগৰৰ শিৱ দৌলত পুৱাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত সমৱেত হৈ চাৰি জ্বলাই পূজা অৰ্চনা কৰে৷

ৰাজ্য খনৰ বাবে ২০১৮ বৰ্ষতো কুশল হোৱাৰ কামনা কৰে৷ ২০১৮ বৰ্ষৰ প্ৰথমটো দিনটোত মন্দিৰে মন্দিৰে এক নতুন আশা লৈ প্ৰাৰ্থনা কৰে ৰাইজে৷

পুৰণি দিনৰ সকলো পাহৰি নতুনত্বক আকোৱালি লোৱাৰ প্ৰতিশ্ৰুতি লয় ৰাইজে৷ সুখ-দুখ, আনন্দ, সফলতা-বিফলতা পাহৰি ৰাজ্যবাসীয়ে নতুন সংকল্প লৈ আগবাঢ়ি যোৱাৰ বাবে মন স্থিৰ কৰে৷