
বাইহাটা চাৰিআলিঃ ২০১৮ বৰ্ষৰ প্ৰথমটো পুৱাৰ পৰাই ৰাজ্যবাসীয়ে নতুন সংকল্প লৈ ঘৰৰ পৰা ওলাই প্ৰাকৃতিক পৰিবেশত একাত্ম হ’বৰ বাবে ওলাই আহে৷ ৰাজ্যবাসীয়ে নতুন বছৰৰ প্ৰথমটো দিনৰ পুৱাৰ পৰা মন্দিৰ নতুবা পবিত্ৰ ঠাইত উপস্থিত হৈ নিজৰ লগতে দহৰ মংগলৰ বাবে প্ৰৰ্থনা কৰে৷ নিজৰ পৰিয়ালৰ সৈতে নতুন বছৰ কুশল হোৱাৰ কামনা কৰে ৰাজ্যবাসীয়ে৷
গুৱাহাটী মহানগৰী, শিৱসাগৰ জিলাৰ শিৱদৌল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, বাইহাটী চাৰিআলিৰ মদন কামদেৱ দেৱালয় আদি ঐতিহ্যমণ্ডিত ঠাইত শ-শ যুৱক-যুৱতী, পুৰুষ-মহিলা, আবাল, বৃদ্ধই ভিৰ কৰে৷ ৰাজ্যৰ প্ৰতিখন ঠাইৰ মন্দিৰ তথা পবিত্ৰ ঠাইত সোমবাৰে পুৱাৰে পৰা এতিয়া বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷
বিশেষকৈ নামনি অসমৰ কামৰূপৰ এঘাৰ শতিকাৰ শৈল ৰত্ন ভাণ্ডাৰ আৰু নৈ পাহাৰ, গছ বিৰিষৰে সমৃদ্ধ মদন কামদেৱ দেৱালয় ২০১৮ বৰ্ষৰ পহিলা দিনটোৰ পৰাই অগণন লোকেৰে ভৰি পৰে৷ পূৰ্বৰ দৰে নতুন বছৰৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ বিদেশৰ পৰ্যটক ঐতিহাসিক দেৱালয় খনত ভিৰ কৰা পৰিলক্ষিত হয়৷
নৱবৰ্ষৰ পহিলা দিনটোৰ পৰাই নতুন উৎসাহেৰে পাৰ কৰাৰ উদ্দেশ্যে সমবেত হয় বনভোজৰ দলৰ ৰূপত৷ মদন কামদেৱ দেৱালয়ৰ লগতে পাশ্ববৰ্তী গোপেশ্বৰ দেৱালয়, পিংগলেশ্বৰ দেৱালয় আদিলৈও বহু সংখ্যক লোকৰ আগমন ঘটিছে৷ তাৰ মাজতে ৰাজ্যৰ নাগৰিকৰ বাবে ২০১৮ বৰ্ষত আহে ভাল খবৰটো৷ ২০১৭ চনৰ অন্তিমটো দিন ৩১ ডিচেম্বৰৰ মাজ নিশা এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশ পায়৷ অসমীয়া জাতিৰ দীৰ্ঘদিনিয়া সংগ্ৰামৰ ফল স্বৰূপে এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশ পায়৷