কামপুৰৰ খা-খবৰ

কামপুৰ গাৰুখুন্দা স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ বিলৈ

এইবাৰ পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ আন এক ক'লা অধ্যায়। গ্ৰামাঞ্চলৰ চিকিৎসালয়ত চিকিৎসকৰ বিপৰীতে ৰোগীক চিকিৎসা প্ৰদান কৰে ফাৰ্মাচিষ্টে। আনহাতে ৰোগীৰ ব্যৱস্থা পত্ৰও লিখি দিয়ে ফাৰ্মাচিষ্ট প্ৰাণ বল্লভ চৰকাৰ নামৰ ফাৰ্মাচিষ্ট জনে। সোমবাৰে পপী বৰা নামৰ এগৰাকী ডায়েৰীয়া হোৱা ৰোগীক চিকিৎসাৰ বাবে গাৰুখুন্দা স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয়৷

কিন্তু চিকিৎসালয়খনত চিকিৎসক নথকাত ফাৰ্মাচিষ্ট জনে চিকিৎসালয়ৰ বাৰাণ্ডাতে ৰোগী গৰাকীক কিছু পৰিমাণে চিকিৎসা প্ৰদান কৰি পাছত ৰোগীক এৰি থৈ পলায়ন কৰে। পাছত ৰোগীগৰাকীৰ অৱস্থা সংকটজনক হোৱাত পৰিয়ালৰ লোকে কামপুৰ এফ আৰ ইউ লৈ আনি ভৰ্ত্তি কৰায়।

কামপুৰ পুঠিমাৰীত বিদ্যুৎ পৃষ্ট হৈ এজন যুৱকৰ কৰুণ মৃত্যু

নগাঁও জিলাৰ কামপুৰ ১নং পুঠিমাৰীত অঘটন৷ বিদ্যুৎপৃষ্ট হৈ এজন যুৱকৰ কৰুণ মৃত্যু। বিদ্যুতৰ তাঁৰৰ তলত মিস্ত্ৰি কাম কৰি থকা অৱস্থাত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় যুৱক জনে। নিহত যুৱক জনৰ নাম বিনয় দাস (22)। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে স্থানীয় লোকে। গাওঁখনত হাতেৰে ঢুকি পোৱা অৱস্থাত আছে বিদ্যুতৰ তাঁৰ সমূহ।