
বাহাকাবাৰীঃ ৰাজ্যৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ হকে মাত মাতিবলৈ একো একো সংগঠন আছে৷ সংগঠনবোৰে জনগোষ্ঠীটোৰ উন্নয়ণৰ হকে কাম কৰে৷ সময়ে সময়ে ৰাজ পথলৈ ওলাই আহি চৰকাৰৰ বঞ্চনা তথা প্ৰাপ্যৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাও দেখা যায়৷ জনগোষ্ঠীটোৰ সাহিত্য, সংস্কৃতি, পৰম্পৰা, আৰ্থিক, সামাজিক দিশ উন্নয়ণৰ বাবে কাম কৰে সংগঠন সমূহে৷
নিজ জনগোষ্ঠীৰ কাম কৰাৰ বাবে বৃস্পতিবাৰে ৰাজ্যত ভূমিষ্ঠ হ’ল এটি নতুন সংগঠনৰ৷ নগাঁও জিলাৰ কামপুৰৰ বগলাজানত বৃহস্পতিবাৰে গঠন হয় সংগঠনটোৰ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ প্ৰতিনিধিৰ উপস্থিতিত গঠন হয় সদৌ অসম হীৰা সংঘ নামৰ এটি সংগঠনৰ। হীৰা সম্প্ৰদায়ৰ লোকক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত এই সিন্ধান্ত লৈ সম্প্ৰদায়ৰ হৈ মাত মাতিবৰ বাবে তথা বঞ্চনাৰ হকে কবলৈ এই মঞ্চ খন সাজু কৰা বুলি কয় ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনধিয়ে৷
চৰকাৰে বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে অসমৰ থলুৱা হীৰা সম্প্ৰদায়ৰ লোক সকল৷ চৰকাৰে আমাক বঞ্চিত কৰি ৰাখিছে। সুবিধা সমূহ চৰকাৰৰ পৰা আদায় তথা অসমৰ বিভিন্ন ঠাইত সিচৰিত হৈ থকা হীৰা সম্প্ৰদায়ৰ লোকসকলক একত্ৰিত কৰিবৰ উদ্দেশ্যে বৃহস্পতিবাৰে সভা অনুষ্ঠিত হয় নগাঁও জিলাৰ কামপুৰৰ বগলাজানত। এই সভাত এখন শক্তিশালী আহ্বায়ক সমিতি এখন গঠন কৰা হয়।