
ডিমাকুছি/শুক্লাইঃ বিটিএডিত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান৷ বিটিএডিৰ ওদাৰগুৰি জিলাত শনিবাৰৰ পৰা চলোৱা কেইবাঘন্টিয়া অভিযানত জালত পৰিল দুধৰ্ষ উগ্ৰপন্থী৷ সেনাৰ কেইবা ঘন্টিয়া অভিযানৰ অন্তত সফলতা লাভ কৰে সেনাই৷
বিটিএডিত নতুনকৈ ভূমিষ্ঠ হোৱা বিদ্ৰোহী সংগঠনৰ নেতা এনএফবিবি (National freedom fighter of bodoland)ৰ মূখ্য সম্পাদক দিপক বসুমতাৰীক আটক কৰিবলৈ সক্ষম হয় সেনাই৷ বৰঙাজুলিৰ সেনাৰ কেম্পৰ ১৪নং ডোগ্ৰা ৰেজিমেন্ট ৰেডহৰ্ন ডিভিজনে খৈৰাবাৰী ৰাসমেলাৰ পৰা আটক কৰিবলৈ সক্ষম হ'য় দিপক বসুমতাৰীক৷
খৈৰাবাৰী ৰাস মেলাত ধন দাবী কৰিব আহোতেই আটক কৰে সেনাই। দিপকৰ এটা পিষ্টল, ৩টা সজীৱ গুলী এটা মেগাজিন উদ্ধাৰ কৰিবলৈ সক্ষম হ'য়। বৰ্তমান অধিক তথ্যৰ বাবে বিদ্ৰোহী নেতাজনক জেৰা অব্যাহত ৰাখিছে সেনাই