মাণিকপুৰত নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ২৫ যাত্ৰী

কোকিলাঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পাতিলাদহাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী নৈশ বাছ। যান্ত্ৰিক বিজুতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়াই পথত বাগৰি পৰে বাছখন।

ফলত পুৰুষ-মহিলা আৰু শিশুসহ আহত হয় ২৫ জনৰো অধিক যাত্ৰী। ইয়াৰে ১১ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজ, আক্ৰাছুৰ সদস্য আৰু মাণিকপুৰ আৰক্ষীৰ তৎপৰতাত আহতসকলক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়।

আহত  সকলৰ ভিতৰত গীতা সৰকাৰ, আহান শৰ্মা, উমা পৰডেন, জিয়াফৰ ৰহমান, মকিজুল হক, হীৰালাল বাছফৰ, উইকান্ত দলে, ছাহাবুল হক, ইন্দ্ৰ বায়ন, মেকৰাজ কোৰ, সৰস্বতী দাহানক প্ৰথমে মাণিকপুৰ চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে শিলিগুৰিলৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে, বাছখনত অতিকমেও ৬০ জন যাত্ৰী আছিল। এ এছ ০১ এইচ চি ৬৭৮০ নম্বৰৰ গাড়ীখন লখিমপুৰৰ পৰা শিলিগুৰি অভিমুখে গৈ আছিল।