
মোৰাঝাৰঃ হোজাই জিলাৰ নিলবাগানৰ পদ পথৰ একাংশ হোটেলে খাদ্যৰ নামত অখাদ্য বিক্ৰি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ কাৰ্বি আংলং জিলাৰ লগতে হোজাই জিলা খনৰ হোজাই, জিলা সদৰ শংকৰদেৱ নগৰ, লংকা, কাকী, লামডিং আদি ঠাইৰ লোক বজাৰ-সামৰ কৰিবলৈ নিলবাগান তিনিআলিলৈ আহে৷ কিয়নো দুয়ো খন জিলাৰ নীলবাগান তিনিআলি এক প্ৰকাৰ যোগাযোগৰ সংগম থলী স্বৰূপ।
এই সুবাদতে নিলবাগানত পদ পথত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিছে। নিলবাগানৰ পশ্চিম দিশৰ পদ পথত অস্বাস্থ্যকৰ পৰিবেশত হোটেলৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, পদ পথৰ হোটেল সমূহে কদৰ্য অৱস্থাত খাদ্য সামগ্ৰী বিক্ৰি কৰি আহিছে৷ তাৰ মাজতে শুকুৰবাৰে এজন গ্ৰাহকে পোলাও খাই থকা অৱস্থাত প্লেটত চুলি উদ্ধাৰ কৰে।
দুই-তিনি ডাল চুুলি উদ্ধাৰ কৰাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ হোটেলৰ মালিকৰ এই ক্ষেত্ৰত অভিযোগ প্ৰদান কৰাত হোটেলৰ মালিক মুজিব উদ্দিনে গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন হয়। অবৈধ ভাবে গঢ় লৈ উঠা হোটেলত খাদ্য গ্ৰহণ কৰি বহু লোক অসুস্থ হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে। জিলা প্ৰশাসনে খাদ্য পৰিদৰ্শকৰ দ্বাৰা এক উচিত তদন্ত কৰি এনে হোটেলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে সচেতন মহলে। ইপিনে এই ব্যৱসায় প্ৰতিষ্ঠান সমূহৰ বাবে পথত যান-জোঁটৰ সৃষ্টি হয়।