নিপাহ ভাইৰাচৰ কৱলত পৰি মৃত্যু হোৱা অসমৰ যুৱকৰ খবৰ নললে চৰকাৰে, মুখ্যমন্ত্ৰীক সাহায্য দিয়াৰ দাবী

newsnextone.com | আমগুৰিঃ দেশত এতিয়া নিপাহ ভাইৰাছক আতংক৷ ফলৰ পৰা নিপাহ ভাইৰাচৰ বীজাণু সংক্ৰামণ হৈ দেশত বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে৷ অসমৰো এগৰাকী যুৱক কৰ্ম সুত্ৰে ৰাজ্যৰ বাহিৰত থকাৰ সময়তে মৃত্যুক আকোৱালি লয়৷ নিপাহ ভাইৰাচত আক্ৰান্ত হৈ কেৰেলাত মৃত্যুক আকোৱালি লয় শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ পেকমনীয়া গাঁৱৰ মনোজ শইকীয়া নামৰ যুৱকজন৷

সাধাৰণ পৰিয়ালৰ যুৱকজনে পেটৰ তাড়নাত ঘৰৰ পৰা ওলাই হৈ কেৰালাত কাম কৰিছিল৷ ঘৰৰ পৰা ওলাই গৈছিল ১৭ দিন পূৰ্বে৷ লখিমপুৰৰ পৰা গৈ থকা অৱস্থাত ৰেলত জ্বৰত আক্ৰান্ত হৈছিল৷ তাৰ পিছত চিকিৎসা কৰাৰ অন্তত জ্বৰৰ পৰা আৰোগ্য হয় যদিও পুনৰ জ্বৰত আক্ৰান্ত হয়৷ পুনৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত্যুক আকোৱালি লয়৷ মাজতে ৰোগৰ পৰা আৰোগ্য হৈ কেৰেলাৰ ষ্টাৰ বৰ্ড নামৰ কোম্পানীত কামো কৰে দুদিন।

যোৱা ২ জুনত কেৰালাত নিপাহ ভাইৰাচ ধৰা পৰিছিল মনোজ শইকীয়াৰ দেহত৷ ভাইৰাচ দেখা দিয়াৰ পিছতে আকস্মিকভাৱে মৃত্যুক আকোৱালি লয়৷

প্ৰথমাৱস্থাত এই খবৰ দিয়া হোৱা নাছিল যদিও পিছত এই খবৰ পৰিয়ালক দিয়া হয়৷ প্ৰয়াত ইন্দ্ৰেশ্বৰ শইকীয়াৰ একমাত্ৰ পুত্ৰ মনোজে কিছুদিন লখিমপুৰত গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰিছিল যদিও পৰিয়াল চলাব নোৱাৰি কেইজনমান বন্ধুৰ সৈতে কেৰেলাৰ ষ্টাৰ বৰ্ড কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰিছিল৷ 

২ জুলাইত হঠাৎ নিপাহ ভাইৰাচত আক্ৰান্ত হৈ আকস্মিকভাৱে মনোজৰ মৃত্যু হোৱা বুলি পত্নীক অৱগত কৰে সম্পৰ্কীয় লোকে৷ মোবাইল ফোনত এই খবৰ লাভ কৰাৰ পিছতে পৰিয়ালটোত হুৱা-দুৱা লাগে৷ এই খবৰে মৰ্মাহত কৰে দৰিদ্ৰ পৰিয়ালটোক। 

উল্লেখ্য যে, দহ বছৰৰ আগেয়ে খনামুখ চাৰিঙীয়া গাঁৱৰ ৰিণু গগৈ শইকীয়া নামৰ এগৰাকী যুৱতীৰ সৈতে মনোজৰ বিবাহ সম্পন্ন হৈছিল। মনোজৰ মৃত্যুৰ খবৰে পত্নী তথা পৰিয়ালটো শোকৰ সাগৰত পৰা দেখা গৈছে। গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দাদু বৰাই তদন্ত কৰি অনুসন্ধান চলাই কেৰেলাস্থিত আৰক্ষীৰ পৰা মনোজৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। 

পত্নীৰ অনুমতি আৰু পৰিয়ালৰ সহমতৰ ভিত্তিত আৰক্ষীয়ে মনোজৰ মৃতদেহ অসমলৈ অনাৰ পৰিৱৰ্তে কেৰেলাত সৎকাৰ কৰিব দিয়া বুলি কয়৷ সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে মনোজৰ মৃত্যুত। আনহাতে পেকমনীয়া গাঁৱৰ লোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ চৰকাৰৰ কোনো লোকে পৰিয়ালটোৰ খবৰ নোলোৱাত ক্ষোভ প্ৰকাশ কৰে৷ শীঘ্ৰে ৰাজ্য চৰকাৰক এটা দলক পৰিয়ালৰটোৰ ওচৰলৈ আহি খবৰ লোৱাৰ লগতে সাহায্য দিবলৈ দাবী জনায়৷