১৮ বছৰীয়া নিৰ্মলে কলেজলৈ গৈ উভতি আহিল মৃতদেহ হৈ

তুলসীবাৰীঃ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কৰৰাত মঙলবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুজনকৈ ছাত্ৰই৷ ডাম্পাৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুওৱা ছাত্ৰ নিৰ্মল কলিতাৰ তুলসীবাৰীস্থিত বাসগৃহত এতিয়া মাথো কান্দোনৰ ৰোল৷

একমাত্ৰ পুত্ৰক অকালতে হেৰুওৱাৰ বেদনাত পিতৃ-মাতৃক বুজনি দিবলৈ কোনো ভাষা বিচাৰি পোৱা নাই আত্মীয়-স্বজন তথা প্ৰতিবেশীসকলে৷ তুলসীবাৰী নিবাসী বশিষ্ঠ কলিতাৰ একমাত্ৰ পুত্ৰ তথা ৰঙিয়াৰ আনন্দৰাম বৰুৱা কলেজৰ ছাত্ৰ নিৰ্মল কলিতা (১৮) আৰু সহপাঠী ৰাজীৱ কলিতাই (১৮) আন দিনাৰ দৰে মঙলবাৰেও ৰাওনা হৈছিল কলেজলৈ।

কিন্তু বিধিৰ লিখন নাযায় খণ্ডন ৷ মৃত্যুই কিৰিলি পাৰি ৰৈ আছিল কৰৰাৰ দলঙখনত৷ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুয়ো ছাত্ৰই প্ৰাণ হেৰুৱাই৷ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ-ট্ৰাকে এতিয়া যমদূতৰ ৰূপ ধাৰণ কৰিছে ৰঙিয়াত৷ তীব্ৰ বেগী ডাম্পাৰ চালকৰ অতপালি আৰক্ষীয়ে নাকী লগোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শোকাৱহ ঘটনাটো সংঘটিত হয়৷

দুৰ্ঘটনাত অকাল মৃত্যুক সাবটি লোৱা নিৰ্মলৰ মৃতদেহ জিএমচি হাস্পাতালত মৰোনোত্তৰ পৰীক্ষা সম্পাদন কৰাৰ পাছত বিয়লি পৰিয়ালৰ লোকক চমজাই দিয়া হয়৷ সন্ধিয়া ভালে সংখ্যক লোকৰ উপস্থিতিত স্থানীয় ৰাজহুৱা শ্মশাসনত শেষকৃত্য সম্পন্ন কৰা হয়৷ মৃত্যুৰ সময়ত নিৰ্মলে পিতৃ-মাতৃৰ লগতে একমাত্ৰ ভনীয়েকক ইহ সংসাৰত এৰি যায়।