নলবাৰীঃ বহিঃ ৰাজ্যত অসমৰ লোক সুৰক্ষিত নহয় বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে৷ বিভিন্ন সময়ত অসমৰ ছাত্ৰ-ছাত্ৰী, কামৰ সন্ধানত যোৱা লোকক বহিঃ ৰাজ্যত আক্ৰমণৰ সন্মুখীন হৈ আহিছে৷ তাৰ মাজতে নৰবাৰীৰ এগৰাকী খেলুৱৈই খোদ খেল পৰিচালকৰ আক্ৰমণৰ সন্মুখীন হোৱাত নলবাৰী জিলাত তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷
জানিব পৰা মতে, সদ্য সমাপ্ত ৰাষ্ট্ৰীয় স্কুল গেমছত নলবাৰী জিলাৰ দলুৱা গাঁৱৰ নিশান্ত ভৰালীক বহিঃ ৰাজ্যৰ দলৰ পৰিচালকে প্ৰহাৰ কৰে৷ বহিঃ ৰাজ্যত অসমৰ খেলুৱৈ পৰিচালকৰ হাতত প্ৰহৃত হোৱা ঘটনাক নলবাৰী জিলাৰ ৰাইজে সহজে লব পৰা নাই৷ ছট্টিছগড়ত অনুষ্ঠিত ষ্ট্ৰীয় স্কুল গেমছৰ প্ৰতিযোগিতা৷ যোৱ ২৬ নৱেম্বৰত ইভেণ্ট অসম আৰু হাৰিয়ানাৰ দুগৰাকী খেলুৱৈৰ মাজত এখন উত্তেজনাপূৰ্ণ কিক বক্সিং খেল চলি আছিল৷
সেই সময়ত দৰ্শকৰ শাৰীত বহি অসমৰ ক্ৰিকেট দলৰ খেলুৱৈ নিশান্ত ভৰালী সহ কেইবাজনো যুৱকে অসমৰ বক্সাৰগৰাকীক প্ৰেৰণা দি আছিল। তেনে সময়তে খেলৰ মূখ্য পৰিচালকে কোনো কথাৰ অৱতাৰণা নকৰাকৈ অসমৰ খেলুৱৈ সকলক নানা তুচ্ছ তাচ্ছিল্য কৰি গালি গালাজ কৰাৰ লগতে নিশান্ত ভৰালীক প্ৰহাৰ কৰে। তাৰ পিছতে অসমৰ খেলুৱৈই সকলে এই ঘটনাক সহজে লব নোৱাৰি একত্ৰিত হয়৷
পিছত অসমৰ খেলুৱৈ সকলে স্থানীয় বিলাশপুৰ আৰক্ষী থানালৈ গৈ ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে এজাহাৰ দাখিল কৰে৷ কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভত ফাটি পৰিছে অসমৰ ছাত্ৰ খেলুৱৈই সকল৷ অসমৰ খেলুৱৈ দলটো বুধবাৰে অসমত আহি উপস্থিত হয়৷ আনহাতে নিশান্তই এই ঘটনাক সহজে লব পৰা নাই বুলি কয়৷ নলবাৰীৰ দলুৱা গাঁৱৰ নিশান্ত ভৰালী তথা উদিয়মান ক্ৰিকেট খেলুৱৈগৰাকীয়ে অসমৰ খেলুৱৈৰ পৰা ঘটনাৰ তদন্ত কৰাৰ লগতে ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰক দাবী জনায়৷