
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা নিৱাসী তথা সমাজকৰ্মী নিয়াশাৰাম নাথ যোৱানিশা বৃদ্ধজনিত কাৰণত ১০২ বছৰত ইহলীলা সম্বৰণ কৰাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। অঞ্চলটোৰ ভিতৰত বয়োবৃদ্ধ বুলি জনাজাত নিয়াশাৰাম নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে আজি পুৱাৰে পৰা মৃতকৰ ঘৰত অজস্ৰ গুণমুগ্ধৰ সোঁত বয়।
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মণ নাথ, সাধাৰণ সম্পাদক অৰবিন্দ নাথ, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপ সভাপতি ভূমিধৰ নাথ, বিটিএডি যোগী নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথকে ধৰি জনগোষ্ঠীটোৰ কেবাগৰাকী নেতাই মৃতকৰ ঘৰত উপস্থিত হৈ মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ উপৰিও শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্যে যে প্ৰয়াত নিয়াশাৰাম নাথৰ বয়স ভোটাৰ পৰিচয়পত্ৰ অনুসৰিয়ে বৰ্তমান ১০২ বছৰ অতিক্ৰম কৰিছে বাস্তৱিকতে তেওঁৰ বয়স অধিক আছিল বুলি গাঁওবাসীয়ে মন্তব্য কৰিছে। সকলোধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত থকা প্ৰয়াত নিয়াশাৰাম নাথে ১০০ বছৰ অতিক্ৰম কৰাৰ পিছতো হাল বাই সুস্বাস্থ্যৰ পৰিচয় দাঙি ধৰিছিল।

বাহশিল্পত অতি নিপুণ খনিকৰ হিচাপে খ্যাতি লাভ কৰা প্ৰয়াত নিয়াশাৰাম নাথে মৃত্যুৰ পূৰ্বে সহধৰ্মিনী, চাৰি পুত্ৰ, দুই জীয়ৰী, কেবাগৰাকী নাতি নাতিনী আৰু বোৱাৰীক ইহসংসাৰত এৰি থৈ যায়। আজি বিয়লিয়েই ভূটীয়াপাৰা ৰাজহুৱা শ্মশানত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত মৃতকৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।