পূজাৰ চুটি, দুৰ্ঘটনাগ্ৰস্তক চিকিৎসা কৰিবলৈ চিকিৎসালয়ত নাই চিকিৎসক

কোকৰাঝাৰঃ দুৰ্গাপূজাৰ আনন্দ উলাহৰ মাজতে আজি সন্ধিয়া কোকৰাঝাৰত সংঘটিত হোৱা ভয়ানক দূৰ্ঘটনাৰ ফলত একে পৰিয়ালৰে চাৰিজনকৈ ব্যাক্তি আহত হোৱাৰ লগতে আন দুগৰাকীও আহত হয়। 

কোকৰাঝাৰ সদৰ চহৰৰ পৰা বালাজান তিনালী অভিমুখে আজি সন্ধিয়া এখন অটোই (এএচ-১৬চি-৫১৮৭ নম্বৰৰ) যাত্ৰী লৈ আহি থাকোতেই বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সন্মুখত দূৰ্ঘটনাত পতিত হোৱাত কণমাণি শিশুকে ধৰি ছয় যাত্ৰী গুৰুতৰভাৱে আহত হয়।

দূৰ্ঘটনাৰ ফলত একেটা পৰিয়ালৰ আহত সকল হ'ল কাৰিগাঁৱৰ অজয় ব্ৰহ্ম (৩০) আৰু মাইনা ব্ৰহ্ম (২৪) আৰু তেওঁলকৰ সন্তান বিজুলী ব্ৰহ্ম (৬) আৰু তুনলাাই ব্ৰহ্ম(৫)। দূৰ্ঘটনাটোত এই পৰিয়ালটোৰ লগতে নিলি ৰায় (কদমতলা, ৫৪) আৰু সৃজেন বৰগয়াৰীও(কাৰিগাঁও) আহত হয়। আহত বিজুলী ব্ৰহ্ম, অজয় ব্ৰহ্ম আৰু নিলি ৰায়ৰ অৱস্থা সংকটজনক বুলি বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে দূৰ্ঘটনাৰ পিছতে আহতসকলক ততাতৈয়াকৈ স্থানীয় ৰাইজে বালাজান চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সেইসময়ত এজনো চিকিৎসক আনকি চিকিৎসালয়খনত এখন এম্বুলেন্সো নথকাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয়। পিছত বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুভাষ কোচ সহিতে আৰক্ষীৰ দল এটা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলক কোকৰাঝাৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণৰ দিহা কৰে।