ইভিএমৰ টেম্পাৰিঙৰ অভিযোগক ভিত্তিহীন আখ্যা নিৰ্বাচন আয়োগৰ

নতুন দিল্লীঃ শেহতীয়াকৈ উত্থাপিত হোৱা ইভিএম মেনেজ কাণ্ডক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। আয়োগৰ মতে কিবা আপত্তিজনক তথ্য পালেহে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আয়োগে।

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত বিভিন্ন ৰাজনৈতিক দলসমূহে ইভিএম মেচিন টেম্পাৰিঙৰ কথালৈ নিৰ্বাচনী আয়োগৰ কাষ চাপিছিল৷ ইয়াৰে ভিতৰত সৰৱ হৈ পৰা নেতা আছিল অৰবিন্দ কেজৰিৱাল আৰু মায়াৱতী৷

এনে পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আয়োগে আজি বিষয়টো স্পষ্ট কৰি কয় যে  কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগ্ৰহণ সম্পন্ন হৈছিল, তেনেস্থলত ইভিএম টেম্পাৰিং কোনো কাৰণতে সম্ভৱ নহয়৷ উল্লেখ্য যে যোৱা দুদিন পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আয়োগলৈ বিষয়টো বিবেচনাৰ বাবে পত্ৰও প্ৰেৰণ কৰিছিল৷